আৰক্ষীৰে সংঘৰ্ষত মৃত্যুৰ ঘটনা : ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান তৃতীয়

encounter-1516255480-570x320

প্ৰতিনিধিত্বমূলক ফটো

অসমৰ চিৰাং জিলাত যোৱা বছৰ মাৰ্চ মাহত নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড (এনডিএফবি)ৰ বিদ্ৰোহী বুলি দুজন লোকক হত্যা কৰা ঘটনা এটা উদাহৰণহে মাত্ৰ।

পৰিসংখ্যাই দেখুৱাইছে যে যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰীলৈকে অসমৰ বিভিন্ন স্থানত ১৫ টা আৰক্ষীৰে সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।

যোৱা বছৰ ৩০ মাৰ্চত চিৰাং জিলাত সেনা, অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)আৰু সশস্ত্ৰ সীমা বল(এছএছবি)ৰ যৌথ অভিযানত দুজন বড়ো যুৱকক গুলীয়াই হত্যা কৰা হৈছিল।

পিছত ভাৰতৰ মানৱ অধিকাৰ সংস্থা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগেও ঘটনাটোৰ সম্পৰ্কত গোচৰ এটা গ্ৰহন কৰিছিল।

আৰক্ষীৰে সংঘৰ্ষৰ ঘটনাৰ সংখ্যাগত দিশেৰে অসমে এক উদ্বেগজনকভাৱে তৃতীয় স্থানত আছে।

উত্তৰ প্ৰদেশ (৩৭টা) আৰু ছত্তীশগড়ৰ (৩৪ টা) পিছতে অসমে যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰীলৈকে ১৫ টা এনে ঘটনাৰে তৃতীয় স্থানত আছে।

অৱশ্যে, অসমত সংখ্যাৰ দিশৰ পৰা পূৰ্বৰ বছৰৰ তুলনাত এনে ঘটনা হ্ৰাস পাইছে।

২০১৬-১৭ বৰ্ষত বিজেপি শাসিত ৰাজ্য অসমত ৩১ টা আৰক্ষীৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। ২০১৫-১৬ বৰ্ষত আৰক্ষীৰ সংঘৰ্ষৰ ৪৩ টা ঘটনা আৰু ২০১৪-১৫ বৰ্ষত এনে ৮২ টা ঘটনা কংগ্ৰেছ শাসিত ৰাজ্যখনত সংঘটিত হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আৰক্ষীৰ সংঘৰ্ষত নিহত হোৱা ঘটনাসমূহৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি সকলো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশনা জাৰি কৰিছে যে ৰাজ্যত আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা সকলোবোৰ ঘটনা সংশ্লিষ্ট জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু আৰক্ষী অধীক্ষকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক জনাৱ লাগিব।

এয়া ৪৮ ঘন্টাৰ ভিতৰতে জনাৱ লাগিব আৰু ইয়াৰ পৰৱৰ্তী প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, দণ্ডাধীশৰ তদন্ত আৰু জ্যেষ্ঠ বিষয়াৰ তদন্তৰ প্ৰতিবেদনসহ বিশদ প্ৰতিৱেদন তিনিমাহৰ ভিতৰত পঠাবই লাগিব।

‘’দণ্ডাধীশৰ তদন্ত তথা আৰক্ষীৰ অনুসন্ধানত দোষী সাৱ্যস্ত হোৱা সকলো অভিযুক্ত বিষয়াৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া তথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব,’’-ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়া জেমিনি শ্ৰীবাস্তৱে এইদৰে কয়।