পুনৰ আৰু আৰক্ষী বন বিভাগৰ যৌথ অভিযান : এইবাৰ দৰঙত বেআইনী কাঠফলা মিল জব্দ

Illegal sawmill busted

এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষী আৰু বন বিভাগে যৌথ অভিযান চলাই এটা বেআইনী কাঠফলা মিল জব্দ কৰে। সোমবাৰে চলোৱা এই অভিযানকাৰী দলটোৰ নেতৃত্ব দিছিল এন কে ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত মঙলদৈৰ (এলেকা) বীট অফিচাৰ যতীন বৰাই। আৰক্ষী আৰু বন বিভাগৰ যুটীয়া দলটোৱে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ভকতপাৰা কছাৰীগাঁৱত অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰে। বেআইনী মিলটো কেইজনমান দুৰ্নীতি পৰায়ণ বন আৰু আৰক্ষীৰ লোকৰ চত্ৰছায়াত কেইদিন মান পূৰ্বে আৰম্ভ হৈছিল।

যুটীয়া দলটোৱে কাঠফলা মিলৰ স্থানৰ পৰা যান্ত্ৰিক কৰত আৰু এটা বৈদ্যুতিক জেনেৰেটৰ জব্দ কৰে যাৰ আনুমানিক মূল্য প্ৰায় ১ লাখ টকা।

অৱশ্যে বেআইনী কাঠফলা মিলৰ মালিকজন অভিযানকাৰী দলটো উপস্থিত হোৱাৰ পূৰ্বে পলাই যাবলৈ সক্ষম হয়।

উল্লেখ্য যে এই বছৰৰ ২ এপ্ৰিল তাৰিখে ধুবুৰী আৰু পৰ্বতঝোৰা ফৰেষ্ট ডিভিজনে এটা যুটীয়া অভিযান চলাই বিটিএডিৰ অন্তৰ্গত পৰ্বতঝোৰা ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত ভেলখোৱা আৰু বৰাইবাৰী এলেকাত ৪টা কাঠফলা মিল জব্দ কৰি সা-সৰঞ্জাম আৰু বহুতো কাঠৰ কুণ্ডা জব্দ কৰে।

বিষয়াসকলে জনাইছে যে এই কাঠফলা মিলসমূহ নিয়ম বহিৰ্ভুতভৱে চলাই থকা হৈছিল। সেইবাৰো সাম্ভাব্য অভিযানৰ কথা আগতীয়াকৈ গম পাই কাঠফলা মিলৰ গৰাকীজন পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ লোকে কাঠফলা মিলৰ যন্ত্ৰাংশ আৰু কাঠৰ কুণ্ডাসহ প্ৰায় ১০লাখ মান টকা মূল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল।

সোমবাৰেও বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযানত শিমলীতোলাৰ ভাটিপাৰাৰ পৰা কাঠ সহ অবৈধ কাঠফলা মিল জব্দ কৰে।  লগতে থেৰোপাৰাত জলাশয়ত লুকুৱাই ৰখা অৱস্থাত অপৈনত শাল গছৰ কুণ্ডাও উদ্ধাৰ কৰে। জানিব পৰা মতে কাঠফলা মিলটোৰ মূল্য প্ৰায় ১ লাখ ২৫ হাজাৰ হোৱাৰ বিপৰীতে কাঠখিনিৰ মূল্য প্ৰায় ২৫ হাজাৰ হ’ব।