NORTHEAST NOW (Assamese)

‘আৰোগ্য ছছাইটি’ৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত এ এছ টি চি চৌহদত বিনামূলীয়া স্বাস্থ্য শিবিৰ

May 20, 2018 2:33 pm · এন ই নাও নিউজ

স্বাস্থ্যসেৱাৰ খণ্ডত নিয়োজিত গুৱাহাটীৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ‘আৰোগ্য ছছাইটি’ৰ উদ্যোগত তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ সহযোগত ১৮ আৰু ১৯ মে’ত গুৱাহাটীৰ পল্টন বজাৰস্থিত এ এছ টি চি চৌহদত দুদিনীয়াকৈ এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়।

পৰিবহণ নিগমৰ মুঠ ৬০ গৰাকী কৰ্মচাৰীয়ে উক্ত শিবিৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। আৰোগ্য ছচাইটিৰ প্ৰশাসনিক মুৰববী মহম্মদ আনোৱাৰে কয় যে পৰিবহণ খণ্ডত নিয়োজিত কৰ্মচাৰীসকল অন্য চৰকাৰী বা অৰ্দ্ধ চৰকাৰী কৰ্মচাৰীৰ তুলনাত স্বাস্থ্যজনিত সমস্যাত অধিক হাৰে ভোগা দেখা যায়। বিশেষকৈ সম্পূৰ্ণ ৰক্ত গণনা (ছি ভি ছি) ৰ দৰে পৰীক্ষা ব্যয়বহুল হোৱা বােব এইসকল কৰ্মচাৰীয়ে প্ৰয়োজনীয় স্বাস্থ্যসেৱা লাভৰ পৰা বঞ্চিত হয়।

ফলত এই কথাৰ প্ৰতি দৃষ্টি ৰাখি আৰোগ্য ছচাইটিয়ে উল্লিখিত আটাইকেইগৰাকী কৰ্মচাৰীৰ ছি ভি ছিকে ধৰি কেইবাটাও ধৰণৰ ৰক্ত আৰু অন্যান্য পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পন্ন কৰোৱাৰ লগতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁলোকক নিদান আগবঢ়োৱা হয়।

অনুষ্ঠানৰ শেষত প্ৰশাসনীয় মুৰব্বীগৰাকীয়ে ৰাজ্যৰ পৰিবহণ আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰী আৰু ‘মেডিছিন’ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ জে দি দাসকে ধৰি শিবিৰত সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Related News