আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱত ১৫ ডিচেম্বৰত উপস্থিত হ’ব ত্ৰিপুৰাত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অধ্যক্ষ ৰাম মধুকাৰ ভাগৱতে তিনিদিনীয়া কাৰ্যসূচীৰে অহা ১৫ ডিচেম্বৰত ত্ৰিপুৰাত আহি উপস্থিত হ’ব। তেওঁ এই ভ্ৰমণ কালত হিন্দু সকলক একত্ৰিত কৰাৰ লক্ষ্যৰে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ত্ৰিপুৰাৰ প্ৰাক্তন পুলিচ ইনস্পেক্টৰ জেনেৰেল তথা হিন্দু মালাইমা অৰ্গেনাইজিং কমিটিৰ সভাপতি বি কে ৰয়ে দেওবাৰে ত্ৰিপুৰাত এখন সংবাদমেলৰ জৰিয়তে কয় যে ‘সংঘ পৰিচালক মোহন ভাগৱত ১৫ ডিচেম্বৰত উপস্থিত হৈ সংঘৰ কাম-কাজ সম্পৰ্কে পৰ্যালোচনা কৰিব। এই ভ্ৰমণসূচীতে তেওঁ সংঘৰ সদস্য সকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত ভাগ লোৱাৰ উপৰিও ১৭ ডিচেম্বৰত মিলন উৎসৱত অংশ গ্ৰহণ কৰিব।‘ ইয়াৰ লগতে তেওঁ কয় যে ‘ৰাজনৈতিক দল তথা বহু সংগঠনে বিভিন্ন সময়ত আৰ এছ এছ আৰু বিশ্ব হিন্দু পৰিষদক উগ্ৰ হিন্দুত্ববাদ আখ্যা দি আহিছে । কিন্তু মোহন ভাগৱতৰ এই ত্ৰিপুৰা ভ্ৰমণসূচীৰ লগতে তেওঁ মিলন উৎসৱত অংশ গ্ৰহণ কৰি সংস্থাটোত থকা হিন্দুত্ববাদৰ মোহৰৰ ওৰ পেলাব।‘

লক্ষণীয় যে বহু সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে আৰ এছ এছক প্ৰাধান্য দি আহিছে। যাৰ ফলত ভাগৱতৰ ত্ৰিপুৰা ভ্ৰমণে ৰাজ্যত শাসনভাৰ চলাই থকা বাওঁ-পন্থী দলক ক্ষতি কৰাই প্ৰধান অন্তৰ্নিহিত উদ্দেশ্য বুলি উমান পোৱা গৈছে। ২০১৮ চনৰ আৰম্ভণীতে ত্ৰিপুৰাত হ’ব লগীয়া নিৰ্বাচনত বিজেপিক শাসনৰ গাদীত বহুৱাৰ উদ্দেশ্য আগত ৰাখিয়েই মোহন ভাগৱতে এই ত্ৰিপুৰা ভ্ৰমণসূচীত অংশ গ্ৰহণ কৰিব বুলি উমান পোৱা গৈছে।