ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত মাজুলী, শুৱালকুছি

majuli

অসমবাসীৰ বাবে এক সুখবৰ। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত মাজুলী আৰু ৰেচম গাঁও শুৱালকুছিয়ে।

এই তথ্য লোকসভাৰ মজিয়াত সদৰী কৰিছে সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) ড০ মহেশ শৰ্মাই। সোমবাৰে লোকসভাৰ মজিয়াত  মন্ত্ৰী গৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰি কয় যে উত্তৰ- পূবৰ প্ৰায় ছখন ঐতিহাসিক স্থানক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাভুক্ত কৰা হৈছে।

সেই অনুসৰি অসমৰ মাজুলী আৰু শুৱালকুছি, আহোম সকলৰ ৰজাদিনীয়া মৈদামৰ উপৰি তালিকাখনত অৰুণাচলৰ আপাটানি কালচাৰেল লেণ্ডস্কেপ, নামদফা ৰাষ্ট্ৰীয় উদ্যান, থেমবেং ফৰটিফাইড গাঁৱে  স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া বিষয় এইটোৱে যে সম্প্ৰতি উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰায় ৮৩ খন ঐতিহাসিক স্থানক ভাৰতীয় প্ৰত্নতাত্বিক বিভাগৰ অধীনত সুৰক্ষিত কৰি ৰখা হৈছে বুলি সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

সম্প্ৰতি ৰাজ্যৰ তিনিখনৰ সৈতে উত্তৰ- পূবৰ ছখন ঐতিহাসিক স্থানে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত অন্তৰ্ভুক্ত হোৱাটোৱে আনন্দিত কৰি তুলিছে সমগ্ৰ উত্তৰ- পূববাসীক।