ইটানগৰত ১ মেগাৱাট-পীক সৌৰশক্তি প্ৰকল্প উদ্বোধন মুখ্য মন্ত্ৰী খাণ্ডুৰ

Khandu inaugurated the 1-MWp grid connected solar photovoltaic power plant here at Energy Awareness Park in Itanagar

আজি বৃহস্পতিবাৰে অৰুণাচলৰ মুখ্য মন্ত্রী পেমা খাণ্ডুৱে ইটানগৰত অৱস্থিত এনাৰ্জি এৱেৰনেছ পাৰ্কত ৰাজ্যখনৰ শক্তি মন্ত্ৰী তামিয়া তাগা আৰু অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণৰ চেয়াৰমেন ৱাংলাম ছাৱিনৰ উপস্থিতিত এটা ১ মেগাৱাট-পীক গ্ৰীড (1-MWp grid) সংলগ্ন  সৌৰ আলোক-বিদ্যুৎ প্ৰকল্প এটা উদ্বোধন কৰিছে।

ত্ৰয়োদশ বিত্ত আয়োগৰ অনুদানেৰে ৰাজ্যখনৰ ভিতৰতে এতিয়ালৈকে বৃহত্তম সৌৰশক্তি প্ৰকল্প হিচাপে অভিহিত এই প্ৰকল্পটো ৮.৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণে (Arunachal Pradesh Energy Development Agency)।

মুখ্য মন্ত্রীগৰাকীয়ে বিজুলী শক্তি উৎপাদন কৰাৰ বাবে অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণে সৌৰশক্তি ব্যৱহাৰ কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু কয় যে ইয়ে ৰাজ্যখনৰ বিজুলী শক্তিৰ খৰচ কম কৰিব।

তেওঁ আৰু কয় যে বিশ্বক গোলোকীয় উষ্ণতাই গ্ৰাস কৰি অনাৰ সময়তে পৰিৱেশ বন্ধু পুনৰ নবীকৰণযোগ্য এই শক্তিৰ উৎস হৈছে গোলোকীয় উষ্ণতা হ্ৰাস কৰাৰ সৰ্বোত্তম উপায়।

তেওঁ আৰু কয় যে প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত দেশখনে সেউজ শক্তিৰ সন্ধানত আছে আৰু পৰ্যায়ক্ৰমে পুনৰ-নবীকৰণ অযোগ্য শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ কমাই আনি আছে।

মুখ্য মন্ত্ৰী খাণ্ডুৱে চৰকাৰী বিভাগসমূহত সৌৰশক্তি ব্যৱহাৰ কৰাত উদগনি যোগায় আৰু পৰিৱেশ বন্ধু পদক্ষেপত ৰাজ্য চৰকাৰে সহায়তা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

ইয়াৰ পূৰ্বে তেওঁ ইয়াৰ এটা বৌদ্ধ গোম্পা চৌহদত কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় উদ্বোধন কৰে।

এই অনুষ্ঠানত উপস্থিত আছিল বিধানসভাৰ অধ্যক্ষ টি এন থংদোক, বিধায়ক ছেৰিং তাছি, কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগৰ চেয়াৰমেন জাম্বে ৱাংদি, মুখ্য সচিব সত্যগোপাল আৰু অন্যন্য চৰকাৰী উচ্চপদস্থ বিষয়াসকল।

তাৰ পাছত মুখ্য মন্ত্ৰীয়ে কাৰ্যালয় ভৱনটোৰ সা-সুবিধাসমূহ পৰিদৰ্শ: কৰে।