• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিয়া টুডেই প্ৰস্তুত কৰা দেশৰ শীৰ্ষ দহজন ৰাজনীতিকৰ তালিকাত হিমন্তৰ নাম

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
April 23, 2018 5:06 pm
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ২০১৯ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ সকলোবোৰ প্ৰধান ৰাজনৈতিক দলেই কুচকাৱাজ চলাই থকাৰ সময়তে ইণ্ডিয়া টুডেই (the India Today) নামৰ বাৰ্তালোচনীখনে প্ৰস্তুত কৰি উলিয়াইছে দেশৰ শীৰ্ষ দহজন শক্তিশালী ৰাজনৈতিক নেতাৰ তালিকা। তাৎপৰ্য্যপূৰ্ণভাৱে এই তালিকাত স্থান পাইছে অসমৰ প্ৰভাৱশালী মন্ত্ৰী তথা চতুৰ ৰাজনীতিক বুলি খ্যাত তথা একাধিকবাৰ ৰাজনৈতিক শিবিৰ সলনি কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নামে।

তালিকাখনৰ শীৰ্ষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নাম। তালিকাখন প্ৰস্তুতকৰ্তা বাৰ্তালোচনীখনৰ সাংবাদিক কৌশিক ডেকাই (যিজনো এজন অসমীয়া) ড০ হিমন্ত বিশ্ব শৰ্মাক এজন ক্ষুধাৰ্ত সেনাপতি, যি প্ৰতিশোধৰ তাড়নাৰে চালিত বুলি অভিহিত কৰিছে। তালিকাত হিমন্তৰ নাম ১০ নম্বৰত আছে।

প্ৰতিবেদনটোত কোৱা হৈছে প্ৰধান মন্ত্ৰী মোদী আৰু অমিত শ্বাহে বিজেপিক অধিক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে যদিও গেৰুৱা দলটোৰ এই সম্প্ৰসাৰণৰ চেষ্টা কিমান ফল দিব সেয়া কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছট্টিচগড়ৰ আগন্তুক নিৰ্বাচনে নিৰ্ধাৰণ কৰিব। আজিৰ তাৰিখত বিজেপিয়ে ২৯ খন ৰাজ্যৰ ১৮খনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসন কৰি আছে।

প্ৰতিবেদনটোত মোদীক “Master of infinity” বুলি অভিহিত কৰাৰ লগতে অমিত শ্বাহক “Force multiplier” বুলি কোৱা হৈছে।

তালিকাখনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীক ৩ নম্বৰ স্থান দিয়া হৈছে। তেওঁক মিষ্টাৰ নেটৱৰ্কাৰ বুলি অভিহিত কৰা হৈছে।

আনহাতে আৰ এছ এছৰ প্ৰধান মোহন ভগৱতক ৪ নম্বৰ স্থানত ৰখা হৈছে আৰু ম’ৰেল কম্পাছ বুলি অভিহিত কৰা হৈছে।

য়ু পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ৫ নম্বৰ স্থানত ৰখা হৈছে আৰু অভিহিত কৰা হৈছে All in the Name বুলি।

একেদৰে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক তালিকাৰ ৬ষ্ঠ স্থান দিয়া হৈছে। সপ্তম স্থানত আছে নীতীন গাডকাৰী, যাক অভিহিত কৰা হৈছে হাই স্পীড ডুৱাৰ (High-speed doer)।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱক ৮ম স্থান দিয়া হৈছে আৰু কোৱা হৈছে Fire fighter বুলি। অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুক ৯ম স্থান দিয়াৰ লগতে “Breakaway hero” বুলি কোৱা হৈছে।

প্ৰতিবেদনটোত ড০ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ-পূবৰ একমাত্ৰ ৰাজনীতিক হিচাপে স্থান দিয়া হৈছে আৰু ইয়াৰ কাৰণ হিচাপে “তেওঁ প্ৰায় একক প্ৰচেষ্টাৰে উত্তৰ-পূবৰ ৭খন ৰাজ্যৰ ৬খনতে বিজেপিৰ শাসন প্ৰতিষ্ঠাত ভূমিকা লয়।” বুলি কোৱা হৈছে।

কৌশিক ডেকাই তেওঁৰ প্ৰতিবেদনটোত কৈছে যে উত্তৰ-পূব সম্পৰ্কীয় যিকোনো কথাত মোদী আৰু অমিত শ্বাহৰ দ্বাৰা শৰ্মাৰ কথাকে চূড়ান্ত কথা বুলি বিবেচনা কৰা হয়। লগতে কোৱা হৈছে যে জি এছ টি অনাৰ ক্ষেত্ৰত অন্যান্য ৰাজ্যবোৰৰ বিত্ত মন্ত্ৰীসকলক সন্মত কৰাত শৰ্মাই অৰুণ জেটলিৰ যোগ্য সহায়ক হিচাপে ভূমিকা লৈছিল।

আমোদজনকভাৱে ইণ্ডিয়া টুডেইৰ প্ৰতিবেদনটোত কোৱা হৈছে যে শৰ্মাই নিয়মীয়াকৈ জ্যোতিষ শাস্ত্ৰ চৰ্চা কৰে আৰু কৈশোৰত তেওঁ নিয়মীয়াকৈ আৰ এছ এছৰ শাখালৈ গৈছিল।

উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো প্ৰায় ১৫ বছৰ ধৰি মন্ত্ৰী হৈ আছিল আৰু প্ৰায়ে গেৰুৱা দলটোৰ সমালোচনাত মুখৰ হৈ পৰিছিল।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd