ইতিহাস সৃষ্টি কৰি বিধান সভাৰ বাজেট অধিৱেশনত উপস্থিত নাথাকিল অসম চৰকাৰৰ এজনো মন্ত্ৰী

Assembly

চৰকাৰৰ এজনো মন্ত্ৰী চলি থকা বাজেট অধিৱেশনত আজি উপস্থিত নথকাক লৈ বিৰোধীৰ ব্যাপক সমালোচনাৰ সম্মুখীন হৈছে অসম চৰকাৰ।

শুকুৰবাৰে বাজেট অধিৱেশনৰ দ্বিতীয় বেলা মুখ্য মন্ত্ৰীকে ধৰি কোনো এগৰাকী মন্ত্ৰীয়েই বিধানসভাত উপস্থিত নথকা এই নজিৰবিহীন ঘটনাক সচেতন নাগৰিকসকলে গণতান্ত্ৰিক অনুষ্ঠানৰ প্ৰতি চূড়ান্ত অপমানৰূপে অভিহিত কৰিছে।

অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে মন্ত্ৰীসকলৰ অনুপস্থিতি আৰু শূন্য আসনসমূহলৈ লৈ আঙুলিয়াই বিৰোধীয়ে অধ্যক্ষক শূন্য আসনসমূহক সম্বুধি প্ৰশ্ন উত্থাপন লাগিব নেকি বুলি প্ৰশ্ন তোলে।

বিৰোধী কংগ্ৰেছ আৰু এআইয়ুদিএফৰ অভিযোগৰ পিছতে বিধানসভাৰ উপাধ্যক্ষ দিলীপ পালে কিছু সময়ৰ বাবে বিধানসভাৰ কাৰ্য্যসূচীকে স্থগিত ৰাখিবলগীয়া হয়।

নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ আৰু এআইয়ুদিএফে অভিযোগ কৰে যে চৰকাৰৰ বিধানসভা চলোৱাৰ প্ৰতি কোনো আগ্ৰহ নাই।

অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে এন ই নাওক কয়, ‘বৰ্তমানৰ চৰকাৰখনে দেখুৱাই দিলে যে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাই। মন্ত্ৰী হিচাপে তেওঁলোক সদনত উপস্থিত থাকিব লাগে, কাৰণ তেওঁলোক ৰাইজৰ ওচৰত জবাবদিহি। কিন্তু গুৰুত্ব দিব নোখোজা মেজাৰেৰে তেওঁলোকে দেখুৱাই দিছে যে গণতন্ত্ৰক তেওঁলোকে পৰোৱা নকৰে।’

এআইয়ুদিএফ বিধায়ক চুজাম উদ্দিন লস্কৰে কয় যে নিজৰ বিভাগতকৈ মন্ত্ৰীসকল দলীয় কাম-কাজৰ প্ৰতিহে অধিক সজাগ।

লস্কৰে কয়, ‘হিমন্ত বিশ্ব শৰ্মালৈ চাওক। তেওঁ আগন্তুক ত্ৰিপুৰা নিৰ্বাচনত ব্যস্ত। অথচ তেওঁ পাহৰি গৈছে যে বিত্ত, শিক্ষা আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ তেওঁ দায়িত্ব গ্ৰহণ কৰি আছে। বাকী মন্ত্ৰীসকলৰ ক্ষেত্ৰতো একেটাই কথা। তেওঁলোকে দলীয় কামক অগ্ৰাধিকাৰ দিয়ে। ৰাইজৰ সমস্যালৈ তেওঁলোকৰ কাণষাৰ নাই।’

সোণোৱাল চৰকাৰৰ অন্যতম মিত্ৰদল বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰিয়ে জনায় যে বড়োলেণ্ড দিৱসৰ বাবে তেওঁৰ দলৰ মন্ত্ৰী, বিধায়কসকল আগতীয়াকৈ যাব লগা হ’ল।

বিধানসভাত এজনো মন্ত্ৰী নথকাটো ‘নিশ্চিতভাৱে ঠিক কথা হোৱা নাই’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘মন্ত্ৰীসকলৰ ন্যূনতম উপস্থিতি থকা উচিত। মই ভাবো যে সংশ্লিষ্ট দলবোৰে এই সন্দৰ্ভত হুইপ জাৰি কৰিব লাগে।’

প্ৰত্যেক সভা-সমিতি আৰু প্ৰত্যেকটো বিবৃতিতে অসমবাসী, নৱ প্ৰজন্ম আৰু কৰ্মচাৰীসকলক কৰ্মসংস্কৃতি বজাই ৰখা আৰু কঠোৰ পৰিশ্ৰমৰ আহ্বান জনাবলৈ নাপাহৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানৰ অন্তঃসাৰশূন্যতা তেওঁৰ নেতৃত্বত চলা চৰকাৰে আজি সৃষ্টি কৰা ইতিহাসে উদঙাই দিলে বুলি সচেতন নাগৰিকসকলে মত প্ৰকাশ কৰিছে।