NORTHEAST NOW (Assamese)

উঃ মাঃৰ কলা শাখাত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে সম্প্ৰীতি ৰাজখোৱাই

May 31, 2018 9:09 pm · মিণ্টু দাস
Updated: May 31, 2018 9:27 pm

‘নিজৰ ওপৰত বিশ্বাস থাকিলে অথবা মনৰ ভিতৰৰ পৰা যদি ইতিবাচক চিন্তা যদি আহে, তেন্তে সফলতা আৱশ্যম্ভবী।’ আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ কৃতী ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাৰ।

নগাঁও চহৰৰ খুটীকটীয়া নিবাসী ব্যৱসায়ী জোন ৰাজখোৱা আৰু লাভলি ৰাজখোৱাৰ কন্যা সম্প্ৰীতিয়ে সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰি কলা শাখাত প্ৰথম স্থান লাভ কৰিছে। মেধাৱী ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৯৭, ঐচ্ছিক ইংৰাজীত ৯৫, সমাজশাস্ত্ৰ(চচিয়লজি)ত ৯৮, ৰাজনৈতিক বিজ্ঞানত ৯৭, তৰ্ক শাস্ত্ৰত ১০০ আৰু অৰ্থনীতি বিজ্ঞানত ৯৫ নম্বৰ লাভ কৰিছে।

নিজৰ ফলাফল লাভ কৰি অতিকৈ উৎফুল্লিত বুলি মন্তব্য কৰা সম্প্ৰীতিয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ‘স্থান লাভ কৰিম বুলি মই পঢ়া নাছিলো। সেয়ে স্থান লাভ কৰিম বুলি আশাও কৰা নাছিলো। কাৰণ মই ভাবো পাঠ্যক্ৰমত গুৰুত্ব দি অধ্যয়ন কৰিব নালাগে। জ্ঞান অৰ্জনৰ বাবেহে অধ্যয়ন কৰিব লাগে। যেতিয়াই মন যায়,তেতিয়াই অধ্যয়ন কৰো’

তাৰোপৰি প্ৰতিভাসম্পন্ন ছাত্ৰী গৰাকীয়ে কয় যে, ‘মোৰ কৃতিত্বৰ বাবে মোৰ পৰিয়াল বিশেষকৈ দেউতা-মা, মই অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, অধ্যক্ষ দিলীপ বৰা চাৰ, শিক্ষয়ত্ৰী কৰবী ভৰালীৰ প্ৰতি কৃতজ্ঞ।’

ভৱিষ্যতে নিজকে এজন লিখক হিচাপে প্ৰতিষ্ঠিত কৰিব বিচৰা সম্প্ৰীতিয়ে কবিতা লিখি ভাল পায়।

লগতে মেধাৱী ছাত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত কয় যে ভাৰত-বাংলাদেশৰ সীমা ছীল হোৱাটো নিতান্তই প্ৰয়োজন।চৰকাৰে অবৈধ প্ৰবজনকাৰী ৰোধ কৰিব লাগে। এনে ক্ষেত্ৰত অসমে পুনৰ বিদেশীৰ বোজা ল’ব নোৱাৰে। চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে গণতান্ত্ৰিক হোৱা উচিত। অসমৰ ৰাইজৰ সিদ্ধান্তক ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া উচিত।

উল্লেখযোগ্য যে নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুলৰ পৰা ৯৩ শতাংশ নম্বৰ লাভ কৰিছিল সম্প্ৰীতিয়ে।লগতে উচ্চতৰ মাধ্যমিক বিজ্ঞানৰ পৰীক্ষাৰ সময়ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ প্ৰসংগ উত্থাপন কৰি সম্প্ৰীতিয়ে কয় যে এইয়া চৰকাৰৰ এখন বছেৰেকীয়া নাটক হৈ পৰিছে। এনে নাটকে আমাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলক হতাশাগ্ৰস্ত কৰে। এনেবোৰ ঘটনা ৰোধ কৰিবৰ বাবে শিক্ষা বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত অন্যথা সামগ্ৰিকভাৱেই অসমৰ শিক্ষা ক্ষেত্ৰখনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব।

Related News