NORTHEAST NOW (Assamese)

উঃ মাঃৰ বাণিজ্য শাখাত নৱম স্থান দখল মাৰ্ঘেৰিটাৰ বিশাল দেৱনাথৰ; বিধায়ক ভাস্কৰ শৰ্মাৰ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান

May 31, 2018 10:02 pm · এন ই নাও নিউজ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে নৱম স্থান দখলেৰে বিশাল দেৱনাথে মাৰ্ঘেৰিটাৰ লগতে সমগ্র অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ সাধন দেৱনাথ আৰু লক্ষ্মী দেৱনাথৰ পুত্ৰ বিশালে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত মুঠ ৪৫৭ নম্বৰেৰে নৱম স্থান দখল কৰি ৯১.৪ শতাংশ লাভ কৰে। বিশালে ইংৰাজীত ৮৯, অলটাৰনেটিভ ইংৰাজীত ৯৩, একাউন্টেন্সিত ৯৫, বিজনেচ ষ্টাডীজত ৯০, অৰ্থনীতিত ৯০ আৰু কমাৰ্চিয়েল মেথমেটিকছত ৮৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

পেছাত এজন দৰ্জী সাধন দেৱনাথৰ পুত্ৰ তথা অতি মেধা সম্পন্ন ছাত্ৰ বিশালে ২০১৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০.৩৩ শতাংশ নম্বৰৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

কৃতী ছাত্ৰগৰাকীৰ এই সাফল্যৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ বুধিন গগৈ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে বিশালক শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ছাত্ৰ গৰাকীৰ ঘৰলৈ গৈ জাপি, ফুলাম গামোচা, শৰাই আৰু এটি গছ পুলিৰে বিশাল দেৱনাথক সম্বর্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এককালীন ভাৱে ৫০ হাজাৰ টকা আৰ্থিক অনুদান প্ৰদান কৰে।

Related News