NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি প্ৰতীক হাজেলাই নিজৰ কেৰিয়াৰৰ স্বাৰ্থত চৰকাৰৰ পক্ষ ল’লে : অখিল গগৈ

July 1, 2018 7:17 pm · কল্পজ্যোতি শইকীয়া
Updated: July 1, 2018 7:19 pm
কৃষক মুক্তিৰ সংবাদমেলত অখিল গগৈ আৰু দুই সতীৰ্থ।

“এফালেদি উচ্চতম ন্যায়ালয়ৰ হেঁচা, আনফালেদি কেন্দ্ৰীয় চৰকাৰে এন আৰ চি প্ৰকাশ পিছুৱাবৰ বাবে দিয়া হেঁচা, এই দুয়োটা হেঁচাৰ মাজত প্ৰতীক হাজেলাই চৰকাৰৰ পক্ষ গ্ৰহণ কৰিলে। প্ৰতীক হাজেলাই তেওঁৰ নিজৰ কেৰিয়াৰ আৰু চাকৰিৰ নিৰাপত্তাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ পক্ষ গ্ৰহণ নকৰিলে।”

দেওবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনে কৃষক নেতা অখিল গগৈয়ে।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বৰাক উপত্যকাৰ তিনিখন জিলাত বানপানীৰ অজুহাতত কালি অৰ্থ্যাৎ ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ নকৰি অন্য এটা দিন বিচাৰি প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে আবেদন দিছিল। কাইলৈ এই আৱেদনৰ শুনানি আছে।

আনহাতে কৃষক নেতাগৰাকীয়ে উক্ত সংবাদমেলত প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি বিভিন্ন অভিসন্ধি কৰিছে বুলি মন্তৱ্য কৰাৰ লগত কয়, “আৰ এছ আৰু বিজেপিৰ কথামতে এন আৰ চিৰ কাম পিছুৱাই দি অসমীয়া জাতিটোৰ ভীষণ ক্ষতি কৰিলে।”

এই সম্পৰ্কে চৰকাৰ আৰু প্ৰতীক হাজেলাৰ প্ৰতি কৃষক মুক্তি সংগ্ৰম সমিতিয়ে পোনপটীয়াকৈ প্ৰশ্ন কৰা বুলি মন্তব্য কৰি তেওঁ কয়, “যি সময়ত বানপানী আৰম্ভ হৈছে, সেই সময়তে যদি এন আৰ চি পিছুৱাই দিব লগীয়া পৰিস্থিতি হয়, তেনেহ’লে, অহা তিনিমাহত অসমত ব্যাপক ৰূপত বানপানী হ’লে বাৰিষা কালতো এন আৰ চিৰ খচৰা প্ৰকাশ নাপাবই নেকি?”

এই প্ৰশ্নৰ উত্তৰ চৰকাৰ আৰু প্ৰতীক হাজেলাৰ ওচৰত আছে নে বুলিও তেওঁ কয়।

“এন আৰ চিৰ ফিল্ড ৱৰ্ক যোৱা ৩১ মে’তে শেষ হৈছে।” বুলি কৈ তেওঁ কয় “এই কথাটো সকলোৰে জ্ঞাত। জুন মাহটো কেৱল কাৰ্য্যালয়ত তথ্য-পাতি পৰীক্ষণৰ কামখিনিহে কৰিবলৈ বাকী আছিল।”

“অসমৰ কেইটা সেৱাকেন্দ্ৰত পানী উঠিছে বা কেইটা এন আৰ চিৰ সেৱাকেন্দ্ৰ আছে? পানী উঠা সেৱাকেন্দ্ৰসমূহক বাদ দি আন আন কেন্দ্ৰসমূহত এন আৰ চিৰ খচৰা প্ৰকাশ নকৰিলে কিয়? যদি কোনো সেৱাকেন্দ্ৰত পানী উঠিছে তেন্তে অন্য সেৱাকেন্দ্ৰলৈ কম্পিউটাৰ অথবা নথি-পত্ৰসমূহ স্থানান্তৰ কৰিব পৰা নগ’ল হেঁতেন নে?” হাজেলাৰ প্ৰতি প্ৰশ্নবাণ অখিল গগৈৰ।

এইবিলাকৰ পৰা প্ৰমাণিত হয় যে বানপানীৰ সমস্যাটো অজুহাতৰ বাহিৰে অন্য হ’ব নোৱাৰে। এন আৰ চি পিছুৱাবৰ বাবে বানপানীটো এটা ডাঙৰ ইচ্ছ্যু। কিন্তু বানপানীত যেতিয়া শ শ ঘৰ উটি যায়, বিভিন্ন লোকৰ লগতে জীৱ জন্তুৰ মৃত্যু হয়, তেতিয়া কেন্দ্ৰীয় চৰকাৰে বানপানী নেদেখে।” অখিলে সংবাদমেলত কয়।

তদুপৰি “এন আৰ চি অসমীয়া জাতিৰ এটা জাতীয় স্বপ্ন।” বুলি মত প্ৰকাশ কৰি অখিলে কয়, “১৯১৫ চনৰে পৰা অসমীয়াই প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে। এই বিদেশী অথবা প্ৰব্ৰজনৰ সমস্যাৰ একমাত্ৰ বিজ্ঞানসন্মত সমাধানাৰ পথ আছিল এন আৰ চি। এই ৩০ জুনটোক কেন্দ্ৰ কৰি সমগ্ৰ অসমীয়া জাতিয়ে এটা সপোন দেখিছিল।”

তাৎপৰ্য্যপূৰ্ণভাৱে, অসমৰ তথা কথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱালকো এই বিষয়টোৰ সৈতে সাঙুৰি তেওঁ কয়, “বিদেশীৰ বিৰুদ্ধে ওৰেতো জীৱন যুঁজ দি অহা সৰ্বানন্দ সোণোৱালে বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু এন আৰ চিক লৈ পাশা খেলৰ ৰাজনীতি কৰিবৰ কাৰণে গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি এন আৰ চিৰ কামত বাধাগ্ৰস্ত কৰিছে।”

আনহাতে, উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশৰ পাছতো কালি অৰ্থ্যাৎ ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ নোপোৱা কথাটোৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এন আৰ চি প্ৰকাশত যে সদ্দিচ্ছা নাই সেইটোকে প্ৰমাণ কৰি দিলে বুলি কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে কৃষক নেতাজন।

ইয়াৰোপৰি বিজেপি আৰু আৰ এছ এছে এন আৰ চি নিবিচৰাৰ এটা  উদাহৰণ দাঙি ধৰি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ত যেতিয়া শুনানি হৈ আছিল, তেতিয়াই বাৰম্বাৰ এন আৰ চি প্ৰকাশত বাধা প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে, এন আৰ চিৰ সময়সীমাক লৈ যথেষ্ট সময়সীমাক লৈ অধিক শক্তি প্ৰয়োগ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।”

তেওঁ লগতে কয়, “আমি দেখিবলৈ পাইছো, ৰাজ্য চৰকাৰে বাৰম্বাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাবৰ বাবে হেঁচা প্ৰদান কৰিছিল।

কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে এনেকৈ বিভিন্ন কূট-কৌশল কৰি উচ্চতম ন্যায়ালয়ক এন আৰ চিৰ সময়সীমা পিছুৱাবৰ বাবে চেষ্টা কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে ৩০ জুন দিনটোক এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন হিচাপে ঘোষণা কৰিছিল।”

আনহাতে, ৩০ জুনত চুড়ান্ত খচৰা প্ৰকাশ নোপোৱা কথাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে কয়, “এন আৰ চিৰ খচৰা প্ৰকাশ বাধা হিচাপে তেওঁলোকে বানপানী দেখুৱালে, অথচ অসমৰ সকলো মানুহে জানে যে অসমত তেনেকুৱা ধৰণৰ ভয়াবহ বানপানী হোৱা নাই। যিখিনি অঞ্চলত বানপানী হৈছে, সেয় সমগ্ৰ অসমৰ ঘটনা নহয়। এন আৰ চি প্ৰকাশ কৰিব নোৱাৰাকৈ অসমত কোনো বানপানী হোৱা নাই।”

Related News