আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসনাধিষ্ঠ বিজেপিয়ে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে বিভিন্ন ধৰণৰ ৰণকৌশল ইতিমধ্যেই প্ৰস্তুত কৰি উলিয়াইছে।
দেওবাৰে হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। দাসে কয়, “২০১৯ হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত বিজেপি দলটোক আগুৱাই নিয়াৰ স্বাৰ্থত ৰাজ্যিক সমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে। সেই অনুসৰি ১ জুলাইৰ পৰা ৩০ মাৰ্চ পৰ্যন্ত দলে বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।”
উল্লেখ্য যে দলটোৱে প্ৰস্তুত কৰা ৰণনীতিসমূহ বাস্তৱত কেনেকৈ ৰূপায়ণ কৰা হ’ব সেইটো আলোচনা কৰিবলৈ দেওবাৰে হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিষয়ববীয়াসকলৰ বৈঠক হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
ইয়াৰ উপৰি ২ জুলাইত গুৱাহাটীৰ দিচপুৰত থকা গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ বিধায়কসকলৰ এটা মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অনুষ্ঠানত নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলিও তেওঁ প্ৰকাশ কৰে।
সমান্তৰালভাৱে ২ জুলাইৰ পৰা ৯ জুলাইলৈ বিজেপিৰ বিভিন্ন মৰ্চাবিলাকৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ’ব বুলি দাসে জানিবলৈ দিয়ে। গুৱাহাটীৰ মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত মহিলা, যুৱ, সংখ্যালঘুকে ধৰি বিজেপিৰ মুঠ আঠটা মৰ্চাৰ ৰাজ্যিক সমিতিৰ সৈতে অসমৰ সকলো জিলা সমিতি আৰু মণ্ডল সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকিব বুলি ৰঞ্জিত দাসে জানিবলৈ দিয়ে।
দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, “অসমৰ ৰাজনৈতিক ইতিহাসত এইদৰে সকলো মৰ্চাৰ সৈতে সভা অনুষ্ঠিত কৰা বিজোপিৰ অসম ৰাজ্যিক সমিতিয়ে প্ৰথমটো দল। আজিলৈ এনেদৰে সকলো মৰ্চাৰ ৰাজ্যিক সভাপতি-সম্পাদকৰ পৰা আৰম্ভ কৰি জিলা আৰু মণ্ডলৰ সভাপতি-সম্পাদকক লৈ আজিলৈ ক’তো সভা অনুষ্ঠিত হোৱা নাই।”
ইপিনে, বিজেপিয়ে অসমৰ ১৪টা লোকসভা সমষ্টিত আৰম্ভ কৰা ‘পৃষ্ঠাপ্ৰমুখ’ কাৰ্যসূচীৰ কাম মঙলদৈত ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দি ৰঞ্জিত কুমাৰ দাসে পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় সমষ্টিৰ পৰা আৰম্ভ কৰি আন ১৩টা সমষ্টিৰ ৰাইজক সামৰি ল’ব বুলি জানিবলৈ দিয়ে।