আজি নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সংবাদ মাধ্যমৰ আগত এন আৰ চিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা ৩০ জুনত প্ৰকাশৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিছে বুলি মন্তব্য কৰাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখা গৈছে।
উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ এই গুৰুত্বপূৰ্ণ অৱস্থানৰ বিষয়ে উচ্চতম ন্যায়ালয়ক জনাইছে নে নাই বুলি সচেতন নাগৰিকে প্ৰশ্ন কৰিছে।
উল্লেখযোগ্য যে ৰাজ্যিক সমন্বয়ক হ’লেও এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা ঘোষণা উচ্চতম ন্যায়ালক নজনোৱাকৈ বা উচ্চতম ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ প্ৰতীক হাজেলাই নিজৰ ফালৰ পৰা দিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত বানপানীৰ অজুহাত দেখুৱাই হাজেলাই আজি সংবাদ মাধ্যমক মুকলিকৈ আৰু নিজৰ ফালৰ পৰাই দ্বিতীয় খচৰা প্ৰকাশ সময়ত নহ’ব পাৰে বুলি মন্তব্য কৰি বিতৰ্কৰ লগতে সন্দেহৰ সৃষ্টি কৰিছে।
হাজেলাৰ এই আশংকাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নৰ্থ-ইষ্ট নাওক কয়, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে। সময়সীমা সলনি কৰিব লগীয়া হ’লে উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব। যদি এন আৰ চিৰ কামত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাব লাগিব।”
আন সচেতন নাগৰিকেও প্ৰশ্ন কৰিছে যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এই কথাটো উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে নে নাই? যদি অৱগত কৰোৱা নাই তেওঁ ৩০ জুনত সম্পূৰ্ণ খচৰা প্ৰকাশক লৈ সন্দেহ ব্যক্ত কৰিলে কিয়?
ইপিনে প্ৰতীক হাজেলাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক নেতা অখিল গগৈয়েও। গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “এইটো এটা সাংঘাতিক কথা। নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰ পৰ্যায়ৰ (field level) কাম ইতিমধ্যে শেষ হৈছে। কেৱল কাৰ্যালয়ৰ কামহে বাকী আছে। কিন্তু তেনে ক্ষেত্ৰত প্ৰতীক হাজেলাই বানপানীৰ বাবে এন আৰ চিৰ কাম নিৰ্ধাৰিত সময়ত সমাপ্ত নহ’ব পাৰে বুলি কৰা মন্তব্য আশ্চৰ্যজনক।” গগৈয়ে লগতে বিজেপিয়ে বিচৰাৰ দৰে প্ৰতীক হাজেলাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম লেহেমীয়া কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে।
আনহাতে, এই বিষয়ে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়, “যদি সঁচাকৈয়ে এন আৰ চিৰ কামত বানপানীয়ে সমস্যাৰ সৃষ্টি কৰিছে তেতিয়া বেলেগ কথা, কিন্তু ই বাহানা হ’ব নালাগে।” তেওঁ লগতে কয় যে এতিয়া যিহেতু বাৰিষাৰ কাল গতিকে বানপানী আহিয়েই থাকিব, কিন্তু তাৰ ফলত যাতে কামটো পলম হৈ গৈ নাথাকে তাৰ ব্যৱস্থা নিশ্চিত হ’ব লাগে।