NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম তিনিটাকৈ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকল

May 31, 2018 9:38 am · এন ই নাও নিউজ
Updated: July 8, 2019 3:43 pm
বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা হোজাইৰ অমৰ সিং থাপা

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ বিজ্ঞান শাখাত হোজাইৰ আজমল কলেজ অৱ আৰ্টছ, কমাৰ্চ এণ্ড চায়েন্সৰ ছাত্ৰ অমৰ সিং থাপাই বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে।

তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৬ নম্বৰ লাভ কৰিছে।

বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ নীহাৰিকা গোস্বামীয়ে। তেওঁ মুঠ ৪৮৩ নম্বৰ লাভ কৰিছে।

বিজ্ঞান শাখাত তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰিছে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্কৰজ্যোতি কলিতা আৰু শোণিতপুৰৰ দৰং কলেজৰ মৃণালজ্যোতি পৌডেলে। তেওঁলোকে মুঠ ৪৮০ নম্বৰ লাভ কৰিছে।

উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থান লাভ কৰিছে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী সম্প্ৰীতি ৰাজখোৱাই। তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰিছে।

কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী ত্ৰিদীপ বৰাই। তেওঁ মুঠ ৪৮৫ নম্বৰ লাভ কৰিছে।

কলা শাখাত তৃতীয় স্থান লাভ কৰিছে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী ভনিতা ৰয়ে। তেওঁ মুঠ ৪৮৪ নম্বৰ লাভ কৰিছে।

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী ৰৌনক লোহিয়াই প্ৰথম স্থান লাভ কৰিছে। তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭৪ নম্বৰ লাভ কৰিছে।

বাণিজ্য শাখাত দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ শিক্ষাৰ্থী দীক্ষিতা বৰুৱাই। তেওঁ মুঠ ৪৭১ নম্বৰ লাভ কৰিছে।

বাণিজ্য শাখাত তৃতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ জ্ঞান-বিজ্ঞান একাডেমীৰ শ্বেতা দাসে। তেওঁ মুঠ ৪৬৪ নম্বৰ লাভ কৰিছে।

সংসদৰ ৱেবছাইট ahsec.nic.in ত ছাত্ৰ-ছাত্ৰীসকলে ফলাফল চাব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে লগতে resultsassam.nic.in টো ফলাফল চাব পাৰিব।

ৰিজাল্ট চাব পৰা ৱেবছাইটকেইটা হ’ল  www.ahsec.nic.in,  www.indiaresults.com,  www.jagranjosh.com,  www.school.gradeup.cowww.examresults.netresults.amarujala.comwww.results.shikshawww.assamonline.inwww.iresults.netwww.exametc.comwww.knowyourresult.comwww.timesofindia.comwww.examresults.net/assam/,www.schools9.comwww.assam.shikshawww.assamjobalerts.comwww.yesresult.com

 

Related News