• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱাত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ : অবৈধ মাৰণাস্ত্রৰ ঘাটিত পৰিণত নগাঁও জিলাৰ পশ্চিম অঞ্চল

মিন্টূ দাস by মিন্টূ দাস
May 31, 2018 10:48 am
00a90d55-8bf6-4c7e-9c4c-9495afa33716

আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা হস্তনিৰ্মিত পিষ্টলটো। ফটো : নৰ্থ ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই ধনীয়াভেটিৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল সহ আব্দুল কাদিৰ নামৰ এটা কুখ্যাত অপৰাধীক যোৱা নিশা গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোৰ সংখ্যালঘু বসতি প্ৰধান ঠাই সমূহৰ সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে।

যোৱা সপ্তাহত টুকটুকীত দুটা ফৈদৰ মাজত গুলিয়াগুলিৰ ঘটনা সংঘটিত হোৱাৰ পিছত আজি পুনৰ ধনীয়াভেটিত অবৈধভাবে মজুত কৰি ৰখা পিষ্টল উদ্ধাৰ হোৱা কথাই অঞ্চলটোৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।

Apply Now

গোপন সূত্ৰৰ পম খেদি বটদ্ৰবা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈৰ নেতৃত্বত  নিশাৰ ভাগত চলোৱা এক অভিযানত অবৈধ অস্ত্ৰ মজুত ৰখা আব্দুল কাদিৰক আটক কৰিবলৈ সক্ষম হয়। যি সময়ত সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে ৰাজ্যবাসী জনমত গঠনৰ কামত ব্যস্ত আছে সেই সময়তে নগাঁও জিলাৰ সংখ্যালঘু বসতি প্ৰধান ঠাই সমূহত এচাম লোকে অবৈধ অস্ত্ৰ সংগ্ৰহ কৰি ৰখা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই ধনীয়াভেটিৰ পৰা গ্ৰেপ্তাৰ কৰা আব্দুল কাদিৰ নামৰ কুখ্যাত অপৰাধীজন। ফটো: নৰ্থ ইষ্ট নাও

সম্প্ৰতি অবৈধ মাৰণাস্ত্ৰৰ ঘাটিত পৰিণত হৈছে নগাওঁ জিলাৰ পশ্চিমাঞ্চল। জিলাখনৰ ধিং, জুৰীয়া, বটদ্ৰৱা, ডুমডুমীয়া আৰু বৃহত্তৰ টুকটুকী অঞ্চলকে ধৰি বিভিন্ন চৰাঞ্চলত বহু অপৰাধীৰ হাতত এতিয়া সুলভ হৈ পৰিছে অবৈধ মাৰণাস্ত্ৰ। এই অবৈধ মাৰণাস্ত্ৰৰ নিয়ন্ত্ৰনহীন অনুশীলনৰ ফলত মৃত্যু হৈছে বহু নিৰপৰাধী তথা সাধাৰণ লোকৰ। অলপতে ডুমডুমীয়াত অপৰাধীৰ গুলীত এজন আৰক্ষীৰো মৃত্যু হৈছিল।

সময়ে সময়ে আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰ সহ অপৰাধীক কৰায়ত্ব কৰে যদিও আইনৰ সুৰুঙাৰে কেইদিনমানৰ পাছতেই জেলৰ পৰা ওলায়েই আকৌ এনে অপৰাধৰ লগত জড়িত হৈ পৰে বহু কুখ্যাত অপৰাধী ।

অপৰাধীৰ হাতলৈ ক’ৰ পৰা সৰবৰাহ হয় এই অবৈধ মাৰণাস্ত্ৰ সমূহ? আশ্চৰ্যজনকভাৱে বিগত বৰ্ষত মৰিগাঁ‌ও আৰক্ষীয়ে অভিযান চলাই ধিঙৰ টুকটুকীত এটি বৃহৎ বন্দুক নিৰ্মাণৰ কাৰখানা উৎখাত কৰাৰ লগতে বহুতো অবৈধ মাৰণাস্ত্ৰ, বন্দুক আৰু গুলী নিৰ্মাণৰ বহু  যন্ত্ৰ-পাতি জব্দ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰপিছতো বহু অপৰাধীয়ে এই বৃহত্তৰ অঞ্চলসমূহত বহু উন্নতমানৰ স্বয়ংচালিত অবৈধ মাৰণাস্ত্ৰৰে চলাই আহিছে চুৰি ডকাইতি আৰু হত্যাৰ দৰে চৰম অপৰাধৰ ঘটনা। এক কথাত মৃত্যুৰ উপত্যকাত পৰিণত হৈ পৰিছে এই অঞ্চলসমূহ।

উল্লেখ্য যে  মৈৰাবাৰী-ধিঙৰ পৰা ডিমাপুৰলৈ নিতৌ চলাচল কৰে ৬ খনকৈ নৈশ বাছ। এই নৈশ বাছতেই নিতৌ অবৈধ মাৰণাস্ত্ৰ সমূহ সৰবৰাহ হোৱাৰ অভিযোগ উঠিছে। প্ৰশাসনৰ  নিৰ্লিপ্ততাৰ বাবেই এতিয়া এই অঞ্চলসমুহ অপৰাধীৰ  ঘাটিত পৰিণত হৈছে।

আনহাতে নগাঁও জিলাৰ বহু চৰকাৰী ভূমিত এচাম সন্দেহজনক নাগৰিকে ঘৰবাৰী সাজি বসতি আৰম্ভ কৰাৰ লগতে বিভিন্ন সময়ত হত্যা, ধৰ্ষণ, চুৰি, ডকাইতি সংঘটিত কৰি জন জীৱন বিপদাপন্ন কৰি তুলিছে। প্ৰশাসনে এই অঞ্চলসমূহত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেনে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰে সেয়া ভৱিষ্যতৰ বাবে লক্ষণীয় হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am
“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am
ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am
“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd