NORTHEAST NOW (Assamese)

উজবেকিস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলনত অসমৰ সুৰজিৎ চাংমাইৰ ব্ৰঞ্জ

April 24, 2018 7:00 pm · এন ই নাও নিউজ
সুৰজিৎ চাংমাই, ফটো ফে'চবুকৰ পৰা সংগৃহীত

পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়ামঞ্চত জিলিকি উছিছে অসমৰ এগৰাকী তৰুণ প্ৰতিভাৱান খেলুৱৈৰ নাম। উজবেকিস্তানত অনুষ্ঠিত এছিয়ান য়ুথ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ সুৰজিৎ চাংমায়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

প্ৰতিভাৱান ভাৰোত্তোলক সুৰজিতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ৫০ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

যোৱা ২০ এপ্ৰিলৰ পৰা উজবেকিস্তানৰ আৰ্জেন্সত অনুষ্ঠিত ২০ সংখ্যক এছিয়ান যুথ ভাৰোত্তোলন প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে অসমৰ দুগৰাকী খেলুৱৈয়ে ভাৰতৰ ভাৰোত্তোলন দলটোত স্থান লাভ কৰিছিল।

সুৰজিতৰ সৈতে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে স্থান লাভ কৰা অসমৰ আন গৰাকী খেলুৱৈ হৈছে সিদ্ধান্ত গগৈ, তেওঁ ৫৬ কে জি শাখাত অৱৰ্তীণ হৈছে।

উল্লেখযোগ্য যে আৰ্জেণ্টিনাত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ যুৱ অলিম্পিক গেমছৰ বাবে উক্ত এছিয়ান প্ৰতিযোগিতাখনক যোগ্যতা নিৰূপক প্ৰতিযোগিতা হিচাপে চিহ্নিত হৈছে।

২ মে’ত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।

Related News