উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদলৈ ৰাজ্য চৰকাৰৰ ১৫০ কোটিৰ আৰ্থিক অনুদান

DSC_0169

সংবাদমেল সম্বোধন কৰি থকাৰ মুহুৰ্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া ভ্ৰমণসূচী লৈ সোমবাৰে ডিমা হাচাওত উপস্থিত হোৱা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনটোৰ সকলো কাৰ্যসূচীৰ অন্ত পৰাৰ পাছত নিশা ৯ মান বজাত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখিবলৈ পোৱা যায়। পাৰ্বত্য পৰিষদৰ ঘাইপথ নিৰ্মাণৰ বাবে ৫০ কোটি টকা ঘোষণা কৰাৰ উপৰি অন্যান্য উন্নয়নমূলক কাম-কাজৰ বাবে ১০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰে। তাৰোপৰি ৰাজ্যিক চৰকাৰৰ আৰ্থিক সাহায্যত হাফলং অসামৰিক চিকিৎসালয়ত অতি শীঘ্ৰে আইচিয়ু স্থাপনৰো প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মচাৰীৰ বাকী থকা দহ মাহৰ দৰমহাৰ কাৰণে এককালীন আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে দিম বুলি কোৱাৰ সমান্তৰালকৈ মাইবাঙত এখন ১০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে চলিত বৰ্ষতে অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন। ডিমা হাচাও জিলাত অগপ-বিজেপিৰ মিত্ৰতা জিলা নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু লোকসভা বা বিধানসভাত মিত্ৰতা অটুট থাকিব বুলিও মন্ত্ৰী শৰ্মাই কয়। আনহাতে হাফলং,জাতিঙ্গা আৰু উমৰাঙচুত পৰ্যটকৰ কাৰনে  থকাৰ ব্যৱস্থা সম্বন্ধীয় সকলো কাম পাৰ্বত্য পৰিষদ আৰু এটিডিচিয়ে যুটীয়া ভাৱে কৰিব।

আনহাতে এন চি হিলছ্ অট’নোমাছ কাউন্সিলৰ মেম্বাৰ হোষ্টেল কোনোবা বনিক গোষ্ঠীক পূৰ্বৰ পৰিষদে মাহত দুই হেজাৰ টকাৰ বিনিময়ত লিজত দিয়া বিষয়ে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে সোমবাৰৰ দিনটোত হাফলঙত বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত হাফলং অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ অধীনত ডিষ্ট্ৰিক্ট ইন্টাৰভেনশ্যন চেন্টাৰ মুকুলি কৰাৰ লগতে হাফলং টাউন ফিল্ডত অৰ্গেনিক ফুড মাৰ্কেট কমপ্লেক্সৰ আধাৰশিলা স্থাপন কাৰ্যসূচীতো উপস্থিত থাকে।

আবেলি হাফলং আবৰ্ত ভবনত জিলাৰ বিভিন্ন জনগোষ্ঠীয় এপেক্স ব’ডিৰ সৈতে আলোচনা কৰাৰ লগতে ইণ্ডিজেনাছ পিপুলচ ফ’ৰাম ( আইপিএফ)ৰ লগতো মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয়।

উল্লেখ্য যে নিশা অনুষ্ঠিত হোৱা সংবাদমেলত মন্ত্ৰী হিমন্তবিশ্বৰ বাহিৰে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙ, পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচা, বিধায়ক বীৰভদ্ৰ হাগজেৰ আৰু জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা উপস্থিত থাকে।

জানিব পৰা মতে মন্ত্ৰী শৰ্মাই দুদিনীয়া ডিমা হাচাও ভ্ৰমণ সামৰি আজি ৰাতিপুৱাই গুৱাহাটীলৈ উভটি আহে।