উত্তৰ গুৱাহাটীত দুৰ্ঘটনাত পিতৃ-কন্যাসহ তিনিজনৰ মৃত্যু

উত্তৰ গুৱাহাটীৰ জয়গুৰুত কালি সন্ধিয়া সংঘটিত হোৱা এটি শোকাৱহ দুৰ্ঘটনাত পিতৃ-কন্যাসহ তিনিজন লোক নিহত হয়। সন্ধিয়া প্ৰায় ৬ মান বজাত সংঘটিত এই দুৰ্ঘটনাটো ঘটে এখন ট্ৰাক আৰু ৱেগনাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে আন দুগৰাকী সদস্যও গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে গুৱাহাটীৰ ফটাশিলৰ বাসিন্দা ৰাজকমল শৰ্মাই তেওঁৰ পত্নী আৰু পুত্ৰ-কন্যাক লৈ এ এছ – ০১- এ  বি-৪৮১৫ নম্বৰৰ ৱেগনাৰ গাড়ীখনেৰে নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা সময়তে জয়গুৰুত বিপৰীত দিশৰ পৰা তীব্ৰ গতিত আহি থকা এ এছ-০১ ডি ডি-৩০৫১ নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত ৱেগনাৰৰ আটাইকেইগৰাকী যাত্ৰীয়ে গুৰুতৰভাৱে আহত হয় আৰু উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষীয়ে তেওঁলোকক ওচৰতে থকা নাৰায়ণা হৃদয়ালয়লৈ লৈ যায়। কিন্তু হাস্পাতালত চিকিৎসকে ৰাজকমল শৰ্মা (৬৫), তেওঁৰ কন্যা ড০ মৈত্ৰী শৰ্মা (২৮) আৰু ৱেগনাৰখনৰ চালক জিতেন বৰ্মন(৩৫)ক মৃত বুলি ঘোষণা কৰে। আনহাতে, দুৰ্ঘটনাটোত ৰাজকমল শৰ্মাৰ পত্নী নমিতা শৰ্মা আৰু পুত্ৰ কৌশিক শৰ্মাক সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

গুৱাহাটীৰ ফটাশিলৰ বাসিন্দা ৰাজকমল শৰ্মা নেচনেল ইঞ্চিউৰেন্সৰ চাকৰিয়াল আছিল আৰু কেইবছৰ পূৰ্বে তেওঁ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ কন্যা মৈত্ৰী শৰ্মা পেছাত এগৰাকী চিকিৎসক আছিল আৰু চৰকাৰী চাকৰিত নিযুক্ত হৈছিল।