উত্তৰ-পূবৰ তিনিখন ৰাজ্যত ভোটগণনা আৰম্ভ : ত্ৰিপুৰাত সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰা হৈছে

Tripura-vote-

প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৱা ১৮ আৰু ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা আৰু মেঘালয়, নাগালেণ্ডত আজি পুৱা ৮ বজাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ত্ৰিপুৰাত ১৮ ফেব্ৰুৱাৰিত নিৰ্বাচন হোৱাৰ বিপৰীতে মেঘালয় আৰু নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আটাইকেইখন ৰাজ্যতে মুঠ ৬০ খনকৈ বিধানসভাৰ আসন আছে যদিও আটাইকেইখনতে ৫৯খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ত্ৰিপুৰা আৰু মেঘালয়ত একোজনকৈ প্ৰাৰ্থীৰ মৃত্যুৰ বাবে এখনকৈ আসনৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল। আনহাতে নাগালেণ্ডত প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাত ৫৯খন আসনৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হৈছে।

আটাইকেইখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফললৈ সমগ্ৰ দেশে বিশেষ মনোযোগ দি আছে। কিয়নো যোৱা ২৫ বছৰে শাসনত থকা বাওঁ শক্তিক ওফৰাবলৈ ৰাজ্যখনত বিজেপিয়ে বিশেষ চেষ্টা কৰা দেখা গৈছিল। তাৰ বাবে উবুৰি খাই পৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাসকল। সেয়েহে দেশৰ ভিতৰতে এখন ক্ষুদ্ৰ ৰাজ্য হোৱা সত্ত্বেও এই ৰাজ্যৰ নিৰ্বাচনে বিশেষ মনোযোগ লাভ কৰিছে। ৰাজনৈতিক বিশ্লেষক সকলেও ইয়াৰ ফলাফল বেচ উৎসুকতাৰে মন কৰি আছে।

আনহাতে ৰাজ্যখনত বাওঁ আৰু সোঁপন্থী ৰাজনৈতিক দল, বিশেষকৈ চি পি আই (এম) আৰু বিজেপিৰ সমৰ্থকে সৃষ্টি কৰিব পৰা অপ্ৰীতিকৰ পৰিস্থিতি তথা আইন-শৃংখলাজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত সৰ্বাধিক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে বিজেপিয়ে ৰাজ্যখনত শাসনৰ বাঘজৰী লাভ কৰিব নোৱাৰিলেও ভালদৰে খোপনি পোতাৰ স্থিতি এটালৈ অহাটো প্ৰায় নিশ্চিত। ৰাজ্যখনৰ দলীয় নিৰ্বাচনী দায়িত্বত থকা চতুৰ ৰাজনীতিক ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দলটোৰ উত্থানৰ বাবে প্ৰাণপণ চেষ্টা কৰা দেখা গৈছিল। আনকি অভিযোগ উঠিছিল ধনবলৰ প্ৰয়োগ হোৱা বুলিও। ড০ হিমন্ত বিশ্ব শৰ্মাৰ অতি অনুগত অসমৰ মন্ত্ৰী পল্লৱলোচন দাস নিৰ্বাচনী প্ৰচাৰৰ সময় সীমা পাৰ হোৱাৰ পিছতো ত্ৰিপুৰাত সক্ৰিয় হৈ থকাৰ অভিযোগত আৰক্ষীৰ দ্বাৰা আটক হ’ব লগীয়া হৈছিল।

সেয়া যি নহওক অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশক নিজৰ দখললৈ অনাৰ স্বাভাৱিকতে গেৰুৱা দলটোৱে উত্তৰ পূবত নিজৰ স্থিতি অতি শক্তিশালী স্তৰলৈ নিবলৈ সক্ষম হৈছে। ‘আমি যদি ত্ৰিপুৰাত জয়ী হওঁ আৰু নাগালেণ্ডত আগৰ দৰেই চৰকাৰ থাকে, লগতে মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ, তেন্তে মিজোৰামক বাদ দি প্ৰায় সমগ্ৰ উত্তৰ-পূব দখলত সফল হ’ম।’ ভোট গণনাৰ প্ৰাকমুহূৰ্তত এইদৰে কয় ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ত্ৰিপুৰাত শাসনলৈ আহিব নোৱাৰিলেও দ্বিতীয় স্থানত থকাটোও বিজেপিৰ বাবে হ’ব বৃহৎ সাফল্য।