NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছালচেং চি মাৰাক আৰু নাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 17, 2024 11:18 am

যোৱা ১৬ আগষ্ট শুকুৰবাৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছালচেং চি মাৰাকে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বয়স আছিল ৮৩ বছৰ। পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মাৰাকে।

খবৰ অনুসৰি যোৱা ৮ আগষ্টত মৰাকক হলি ক্ৰছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু ১২ আগষ্টত তেওঁক টুৰা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।

পৰিয়ালৰ লোকে জনোৱা মতে, গাৰো হিলছৰ প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে যোৱা কেইসপ্তাহমানৰ পৰা দুৰ্বল স্বাস্থ্যৰ সৈতে যুঁজি আছিল আৰু অতি দুৰ্বল হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মৃত্যুৰ পিছত তেওঁৰ নশ্বৰ দেহ গৃহ সমষ্টি উত্তৰ গাৰো পাহাৰৰ ৰেছুবেলপাৰালৈ লৈ যোৱা হয় আৰু তাতেই শেষকৃত্য সম্পন্ন কৰা হয়।

দুৰ্নীতিমুক্ত আৰু প্ৰগতিশীলতাৰ বাবে ‘মিষ্টাৰ ক্লিন’ নামেৰেও পৰিচিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি দল সলনি নকৰাকৈ সম্পূৰ্ণ ৫–বছৰীয়া কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰা প্ৰথমজন নেতা হিচাপে পৰিগণিত আছিল মাৰাক।

নব্বৈৰ দশকৰ আৰম্ভণিতে ৰাজ্যখনত অস্থিৰ ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰাৰ সময়তে তেওঁ মুখ্যমন্ত্ৰী হৈছিল।

মাৰাকৰ মৃত্যুত এতিয়া কংগ্ৰেছ দলৰ লগতে তেখেতৰ হাজাৰ হাজাৰ গুণমুগ্ধৰ মাজত শোকৰ ছা বিৰাজ কৰিছে।