উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক হিচাপে কাৰ্যভাৰ ল’লে সঞ্জীৱ ৰয়ে

New-NF-railway-GM-570x320

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ নতুন মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়

ৰে’লৱেৰ জ্যেষ্ঠ বিষয়া সঞ্জীৱ ৰয়ক উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন মহা প্ৰৱন্ধক হিচাপে নিযুক্তি দিয়া হৈছে।

১৯৮১ চনৰ ভাৰতীয় ৰে’লৱে সেৱাৰ অভিযান্ত্ৰিকৰ এগৰাকী বিষয়া ৰয়ে ৬ মাৰ্চত দায়িত্বভাৰ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই কথা কোৱা হৈছে।

ৰয়ে ৰুৰকী বিশ্ববিদ্যালয়ৰ (বৰ্তমান আইআইটি ৰুৰকী) পৰা বি ই (চিভিল) সম্পূৰ্ণ কৰাৰ পিছত কানপুৰ আইআইটিৰ পৰা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ পৰা এম টেক ডিগ্ৰী সম্পূৰ্ণ কৰে।

তেওঁ পেৰিচৰ এইচইচি স্কুল অফ মেনেজমেন্টৰ পৰা ব্যৱস্থাপনা প্ৰশিক্ষণ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পীটছবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা এইচ এ জি পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তদুপৰি, নতুন দিল্লীৰ আই আই পি এ, পুনেৰ আই আৰ আই চি ই এন আৰু বদোদৰাৰ আৰ এছ চিৰ বিভিন্ন আন পাঠ্যক্ৰমতো অংশগ্ৰহণ কৰিছিল।

ৰয়ে নতুন দিল্লীৰ উত্তৰ ৰে’লৱে, লক্ষ্নৌৰ ৰে’লৱে ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অ’ৰ্গেনাজেশ্যন আৰু গুৱাহাটীৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দৰে বহুতে মাণ্ডলিক ৰে’ল কাৰ্যালয়ৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা হিচাপে তেওঁৰ কাৰ্যকালত গোটেই নিউ জলপাইগুৰি-নিউ বঙাইগাঁৱ (২৮০ কি:মি:) গজ পৰিৱৰ্তনৰ কাম সম্পূৰ্ণ কৰা হৈছিল।

তেওঁ লগতে ছেকেন্দ্ৰেবাদত ডি আৰ এম আৰু উত্তৰ পূৰ্বোত্তৰ ৰে’লৱেৰ মুখ্য প্ৰশাসনিক বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মহা প্ৰৱন্ধক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগেয়ে তেওঁ প্ৰধান মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।