উত্তৰ-পূৰ্বাঞ্চলক মৎস্য পালন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

vankayanaidu

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভ্ৰমণত  অহা ভাৰতৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে অঞ্চলটোৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক মৎস পালন কৰাৰ বাবে আহ্বান জনাইছে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰিছে যে উত্তৰ পূৰ্বাঞ্চললৈ অন্ধ্ৰৰ পৰা মাছ আমদানি কৰা হয়। যথেষ্ট পানী থকা  অঞ্চলটোত যদিহে মৎসপালন কৰা যায় তেন্তে ইয়াৰ পৰা অঞ্চলটো যথেষ্ট উপকৃত হ’ব বুলি তেওঁ প্ৰকাশ কৰিছে।  এই সন্দৰ্ভত তেওঁ অসমৰ মুখ্য মন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতে কথা পতা বুলিও প্ৰকাশ কৰিছে।

তেওঁ আৰু কৈছে যে সমস্যা চিনাক্ত কৰিব নালাগে সেয়া প্ৰত্যেকেই জানে, যুক্তি দৰ্শাব নালাগে সেয়া প্ৰত্যেকৰে বাবে নহয়, আমাক লাগে সমস্যাৰ সমাধান। গৱেষক সম্প্ৰদায়ে  খাদ্যশস্য উৎপদনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ একেলগ কৰিবলৈ প্ৰযোজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি তেওঁ কয়।

অসম আৰু মেঘালয় ভ্ৰমণলৈ অহা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ইম্ফলস্থিত চিটি কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত ‘জৈব বৈচিত্ৰ আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে বহনক্ষম কৃষি’ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ  দিনজোৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ভাষণ দি এইদৰে কয়। এই কৰ্মশালাটোৰ আয়োজন কৰিছিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ে।

উপ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ৪০ মিনিটজোৰা ভাষণত সফল আৰু বহনক্ষম কৃষিৰ বাবে আলোচনা, আবিস্কাৰ, বিতৰণ আৰু বিকাশৰ সূত্ৰ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

ৰাজ্যপাল নাজমা হেপতুল্লাই তেওঁৰ ভাষণত কয় যে বতৰৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হোৱা বাবে মণিপুৰৰ কৃষি সন্তোষজনক নহয়।

তেওঁ আৰু কয় যে ভাৰত চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ বাবে ২০১৬-১৭ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰাটো সময় সাপেক্ষ হৈছে।

পূৰ্বে কৃষি মন্ত্ৰী ভি হাংখালিয়ানে কৰ্মশালাখন উদ্বোধন কৰিছিল আৰু ইয়াৰ দুয়া কাৰিকৰী বৰ্ষ আছিল।  কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক  এম প্ৰেমজিৎ, মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডব্লিউ বিশ্বনাথ, জৈৱ সম্পদ আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠানৰ (institute of bio-resources and sustainable development) সঞ্চালক অধ্যাপক দীনবন্ধু ছাহু আৰু আই চি এ আৰৰ ড০ আই মেঘচন্দ্ৰ আদিয়ে কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ লক্ষ্যত উপনীত হোৱাৰ বিভিন্ন দিশ আৰু কৌশলৰ ওপৰত ভাষণ প্ৰদান কৰিব।