উত্তৰ-পূৰ্বাঞ্চললৈ ক্ৰমাৎ শান্তি ঘুৰি আহিছে : কেন্দ্ৰীয় গৃহ মন্ত্ৰ্য়ালয়

Decrease in insurgency related violence in NE

পূৰ্বৰ তুলনাত উত্তৰ-পূবত আইন শৃংখলা পৰিস্থিতিৰ যথেষ্ট উন্নয়ন হৈছে। ২০১৬ চনৰ তুলনাত যোৱা বছৰ অঞ্চলটোত উগ্ৰপন্থা জনিত ঘটনা ৩৬ শতাংশ হ্ৰাস পাইছে।

গৃহ মন্ত্ৰ্য়ালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘১৯৯৭ চনৰ পৰা ২০১৭ বৰ্ষতে আটাইতকৈ কম সংখ্যক উগ্ৰপন্থা জনিত ঘটনা সংঘটিত হৈছে।’

২০১৭ চনত অঞ্চলটোত সুৰক্ষা বাহিনীৰ লোকৰ নিহতৰ সংখ্যা ২০১৬ৰ ১৭ চনত ১২ গৰাকীয়ে প্ৰাণ হেৰোৱাই, একেটা সময়তে নাগৰিকৰ মৃত্যুৰ সংখ্যাও ৪৮ৰ পৰা ৩৭লৈ হ্ৰাস পায়।

চৰকাৰৰ পৰিসংখ্যা অনুসৰি, অসমত ২০১৪ চনত ২৪৬টা, ২০১৫ চনত ৮১টা, ২০১৬ চনত ৭৫টা আৰু ২০১৭ চনত ৩৩টা উগ্ৰপন্থা জনিত ঘটনা সংঘটিত হৈছিল।

অৰুণাচল প্ৰদেশত ২০১৪ চনত ৩৩টা, ২০১৫ চনত ৩৬টা, ২০১৬ চনত ৫০টা আৰু ২০১৭ চনত ৬১টাৰ বিপৰীতে মণিপুৰত  ২০১৪ চনত ২৭৮টা, ২০১৫ চনত ২২৯টা, ২০১৬ চনত ২৩৩টা আৰু ২০১৭ চনত ১৬৭টা এনে ঘটনা সংঘটিত হৈছিল।

মেঘালয়ত ২০১৪ চনৰ পৰা ২০১৭ চনলৈকে ক্ৰমে ১৭৯, ১২৩, ৬৮ আৰু ২৮টা উগ্ৰপন্থা জনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে নাগালেণ্ডত ৭৭, ১০২, ৫৮ আৰু ১৯টা এনে ঘটনা ঘটিছে।

আনহাতে মিজোৰামত ২০১৪ চনত ৩টা ২০১৫ চনত ২টাকৈ এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

অঞ্চলটোত উগ্ৰপন্থি সমস্যাক নিৰ্মুল কৰাৰ উদ্দেশ্যে কেন্দ্ৰই বিশেষ গুৰুত্বপ্ৰদান কৰি অহা জানিবলৈ দি বিষয়া গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী গোট সমূহৰ সৈতে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত আলোচনা কৰি অঞ্চলটোলৈ শান্তি ঘুৰাই অনাৰ বাবে ইচ্ছুক।