উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰই লৈছে বহু দিশীয়া ৰণকৌশল : ৰিজিজু

কিৰেন ৰিজিজু

লোকসভাত মঙলবাৰে এক লিখিত বক্তব্য যোগে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে বাওঁ চৰমপন্থা আৰু উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বহুদিশীয়া ৰণকৌশল অৱলম্বন কৰিছে।

তাৰকাচিহ্নিত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, ‘বহুদিশীয়া ৰণকৌশলে নিৰাপত্তাজনিত আৰু উন্নয়ন সম্পৰ্কীয় দুয়োবিধ ব্যৱস্থাকে সামৰি লৈছে। জম্মু কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত হিংসাৰ পথ ত্যাগ কৰিব খোজা আৰু ভাৰতৰ সংবিধানৰ গণ্ডীৰ ভিতৰত তেওঁলোকৰ দাবী সমূহৰ শান্তিপূৰ্ণ সমাধান বিচৰা দলসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ এক নীতি গ্ৰহণ কৰিছে।’

এন ই নাওলৈ ইমেইল কৰা এক বিবৃতি অনুসৰি দেশত উগ্ৰপন্থা আৰু নক্সালবাদৰ শান্তিপূৰ্ণ  অৱসান ঘটোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি সন্দৰ্ভত মণিপুৰৰ কংগ্ৰেছ সাংসদ ড০ থকচম মেইন্যাই সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে এনে দলসমূহৰ সৈতে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিনিধি নিয়োগ কৰিছে।

ৰিজিজুৱে লগতে জনাই কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন, ৰাজ্যিক আৰক্ষী আৰু চোৰাংচোৱা বিভাগ সমূহক শক্তিশালী কৰাৰ বাবে আৰ্থিক সহায়, ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন গঠন, আত্মসমৰ্পণকাৰী উগ্ৰপন্থীক পুনৰ সংস্থাপন আৰু অন্যান্য নিৰাপত্তাজনিত খা-খৰচ যোগান আদি ব্যৱস্থাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰচেষ্টাৰ সৈতে সহযোগিতা আগবঢ়াইছে।

হিংসা আৰু সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰা উগ্ৰপন্থী সকললৈ পুনৰসংস্থাপন ব্যৱস্থাৰ লগতে সাধাৰণ ক্ষমাদানৰো প্ৰস্তাৱ আছেনেকি জানিব খোজা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে উগ্ৰপন্থীসকলক সাধাৰণ ক্ষমাদান আগবঢ়োৱাৰ কোনো প্ৰস্তাৱ নাই।

লিখিত উত্তৰযোগে মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী পুনৰসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে কৰা ব্যয় কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাজনিত ব্যয় আঁচনিৰ অধীনত ৰাজ্য চৰকাৰলৈ মোকলাই দিয়ে।

এককালীন অনুদান, মাহিলী ভাত্তা, জমা দিয়া অস্ত্ৰ-শস্ত্ৰৰ বাবে পুৰস্কাৰ আৰু স্বনিয়োজনৰ বাবে আত্মসমৰ্পণকাৰী উগ্ৰপন্থীক বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদান কৰাকে ধৰি বিভিন্ন অনুদান/পুৰস্কাৰমূলক ব্যৱস্থা এই আঁচনিখনৰ অধীনত গ্ৰহণ কৰা হৈছে।