উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয় : নেছ’

NESO_Oppose

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নেছ'ৰ প্ৰতিবাদ। ফাইল ফটো।

কেন্দ্ৰীয় চৰকাৰে বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ছাত্ৰ সংগঠনসমূহৰ সন্মিলিত মঞ্চ নেছ’ই।

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচৰা উক্ত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কঁপাব উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনটোৱে। এই উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীত সংগঠনটোৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব।

নেছ’ৰ আহ্বানত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ ৰাজভৱনৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা বিক্ষোভ প্ৰদৰ্শন কৰিব। একেদৰে সদৌ অৰণাচল প্ৰদেশ ছাত্ৰ সন্থাই ইটানগৰত, খাছী ছাত্ৰ সন্থা আৰু সদৌ গাৰো ছাত্ৰ সন্থাই শ্বিলঙত, নগা ছাত্ৰ ফেডাৰেশ্যনে কোহিমাত, সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত, মিজো জিৰলাইপলে আইজলত আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে আগৰতলাত বিতৰ্কিত বিধয়েকখনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিব।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যত ঐক্যবদ্ধভাৱে প্ৰতিবাদ হোৱাটো এক ইতিবাচক কথা। অসম চুক্তিক উলংঘন কৰা জাতিধ্বংসী বিধেয়ক বিধেয়ক মানি লোৱা নহ’ব। অসমত জলন্ত বিদেশী সমস্যা একমাত্ৰ অসম চুক্তিৰ আধাৰতহে সমাধান হ’ব লাগিব।

আনহাতে, নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱা আৰু সম্পাদক প্ৰধান উপেন্দ্ৰ দেব বাৰ্মা আৰু উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্ই স্বাক্ষৰ কৰা এক বিবৃতিত কোৱা হৈছে যে কয় যে উত্তৰ-পূৰ্বাঞ্চল ৰাজনৈতিকভাৱে সাতখন ৰাজ্যত বিভাজিত হ’লেও আমি আৱেগিক, আত্মিকভাৱে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ঐক্যবদ্ধ। উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। দিল্লীয়ে জাপি দিয়া জাতিধ্বংসী, খিলঞ্জীয়া বিৰোধী তথা উত্তৰ-পূৰ্বাঞ্চল বিৰোধী বিধেয়ক মানি লোৱা নহয়।