‘উত্তৰ-পূৰ্বাঞ্চল এক্ট ইষ্ট নীতিৰ কেন্দ্ৰত অৱস্থিত’ ক’লে প্ৰধান মন্ত্ৰী মোদীয়ে

Global-InvestorsSummit

বিশ্ব বিনিয়োগকাৰী সন্মিলনত প্ৰধান মন্ত্ৰী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে গুৱাহাটীত দুদিনীয়া বিশ্ব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰে।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ ‘এক্ট ইষ্ট নীতি’ৰ কেন্দ্ৰত থকা বুলি উল্লেখ কৰি বাংলাদেশ আৰু ভূটানে গুৱাহাটীত তেওঁলোকৰ দূতাৱাস স্থাপন কৰাত তেওঁ আনন্দ প্ৰকাশ কৰে।

কেন্দ্ৰৰ বিজেপি চৰকাৰে যোৱা চাৰে তিনি বছৰত লোৱা পদক্ষেপসমূহ ‘দৃশ্যমান হ’বলৈ ধৰিছে’ বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীজনে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰে’ল যোগাযোগ বৃদ্ধি কৰিবৰ বাবে তেওঁৰ চৰকাৰে প্ৰতি বছৰে ৫৩০০ কোটি টকা খৰচ কৰি আহিছে।

মোদীয়ে কয়, ‘১৫ টা নতুন স্থানলৈ ৰে’ল সংযোগ সম্প্ৰসাৰণৰ বাবে ৪৭০০ কোটি টকা আগবঢ়োৱা হৈছে। অদূৰ ভৱিষ্যতে আগৰতলা (ত্ৰিপুৰা) আৰু আখাউৰা (বাংলাদেশ) সংযোগী ৰে’ল পথ মুকলি হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটো উপকৃত হ’ব।’

সন্মিলনখনৰ টেগলাইন ‘এদভান্তে’জ আচাম- ভাৰতৰ আচিআনলৈ প্ৰৱেশপথ’ক খুব যথাযথ বুলি অভিহিত কৰি তেওঁ কয় যে ই কেৱল এটা বিবৃতিয়ে নহয় বৰঞ্চ ই এক ‘সামগ্ৰিক কল্পদৃষ্টি’।

মোদীয়ে কয়, ‘আমি এক্ট ইষ্ট নীতি গ্ৰহণ কৰিছো আৰু উত্তৰ-পূব ইয়াৰ কেন্দ্ৰত অৱস্থিত। এক্ট ইষ্ট নীতিৰ বাবে ভাৰতৰ পূব ফালে অৱস্থিত দেশসমূহ বিশেষকৈ আচিআন দেশসমূহৰ সৈতে বৰ্ধিত ব্যক্তি আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক, বাণিজ্য চুক্তি আৰু অন্যান্য সম্পৰ্কৰ প্ৰয়োজন।’

তেওঁ কয়, ‘আমাৰ পৰিকল্পনা হ’ল ভাৰতৰ পূব অংশৰ উন্নয়ন। কাৰণ উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা লোকসকলৰ উন্নতি হ’লেহে দেশৰ দ্ৰুত উন্নয়ন সাৰ্থক হ’ব।’

মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত স্থলপথ আৰু ৰে’লপথ নিৰ্মাণৰ লগতে বিদ্যুৎ উৎপাদনো দ্ৰুতগতিত বাঢ়িছে।