NORTHEAST NOW (Assamese)

উপ নির্বাচনত য়ু ডি পিৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াব মেঘালয়ৰ প্রাক্তন মন্ত্রী ছায়েডুল্লাহ নংৰামে

March 15, 2019 12:52 pm · এন ই নাও নিউজ
মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী ছায়েডুল্লাহ নংৰামৰ ফাইল ফটো

মেঘালয়ত অহা ১১ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ লগতে ছেলছেল্লা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। সেয়ে নিৰ্বাচনী তৎপৰতা প্ৰদৰ্শন কৰি য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টী চমুকৈ য়ু ডি পিয়ে ছেলছেল্লা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন মন্ত্ৰী ছায়েডুল্লাহ নংৰামক।

য়ু ডি পিৰ উপ অধ্যক্ষ এলাণ্ট্ৰি ফ্ৰেংকলিন ধৰে কয় যে দলে প্ৰাৰ্থী সন্দৰ্ভত বহুবাৰ আলোচনা কৰাৰ অন্তত ছায়েদুল্লাহক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে ছেলছেল্লা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছী বিধায়ক ক্লিমেণ্ট মাৰাকৰ যোৱা বৰ্ষৰ ৮ অক্টোবৰত আকস্মিক মৃত্যু হোৱাত তেতিয়াৰ পৰাই খালী হৈ আছে উক্ত আসনখন।

ইফালে এন পি পিৰ তৰফৰ পৰা ফেয়েৰলাইন চি এ চাংমাক আৰু কংগ্ৰেছে ক্লিমেণ্টৰ পত্নী জুন এলিনা আৰ মাৰাকক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হোৱা মেঘালয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ বিধায়ক হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈছিল ক্লিমেণ্ট মাৰাক। তেওঁ কংগ্ৰেছ চৰকাৰৰ শক্তি তথা খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

মাৰাকৰ দেহাৱসানৰ পিছত ৬০টা সমষ্টিৰে গঠিত মেঘালয়ৰ বিধানসভাত এতিয়া কংগ্ৰেছৰ বিধায়ক আছে ১৯ গৰাকী।

Related News