একেৰাহে ২৫ ঘণ্টা ১০ মিনিট দৌৰি গহপুৰৰ মনজিৎ দিহিঙীয়াৰ বিশ্ব অভিলেখ

২৫ ঘণ্টা খালী ভৰিৰে দৌৰি পুনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল গহপুৰৰ সন্তান মনজিৎ দিহিঙীয়াই। গহপুৰৰ কটকী চুকৰ যুৱক তথা অসম আৰক্ষীত কৰ্মৰত জোৱান মনজিৎ দিহিঙীয়া একেৰাহে ২৫ ঘণ্টা ১০ মিনিটত ২০৫ কিমি দৌৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। উল্লেখনীয় যে মঙলবাৰে ৰাতিপুৱা ৯.৫৪ বজাত গহপুৰ নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জীয়া ভৰালী নৈৰ দলঙৰ পৰা উভতি আহি কালি পুৱা ১১.০৪ বজাত গহপুৰৰ বাছ আস্থানত আহি উপস্থিত হয়। তেওঁৰ অভিলেখৰ বাটপথত বিভিন্ন দল-সংগঠনে সংগ দিয়ে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়ত্ৰী সকলৰ উপৰি স্থানীয় লোক, মহিলা সকলে হাতচাপৰি তথা উৰুলীৰ মাজেৰে মনজিতক উৎসাহৰ লগতে তেওঁৰ এই সাফল্যক অভিবাদন জনায়।

দৌৰা শেষ হোৱাৰ পিছতে বাছ আস্থান চৌহদত আয়োজিত অভিনন্দন অনুষ্ঠানত ইউনিভাৰ্ছেল ৰেকৰ্ড ফৰামৰ কাৰ্যবাহী সদস্য তথা চীফ জুৰী (মাল্টিপুল এৱাৰ্ড উইনাৰ, নৰ্থ ইষ্ট ইণ্ডিয়া) নূৰ আলম চৰকাৰে দিহিঙীয়াক ইউনিভাৰ্ছেল এছিয়ান  ৰেকৰ্ড, ইউনিভাৰ্ছেল ৱল্ড ৰেকৰ্ড’ৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিক ভাবে প্ৰদান কৰে। তেওঁৰ এই সাফল্যক গহপুৰ ক্ৰীড়াংগন সন্থা, বিশ্বনাথ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চ, গহপুৰ মহকুমা প্ৰেছ গীল্ড, গহপুৰ আটছাৰ উপৰি বিভিন্ন দল-সংগঠনে ফুলাম গামোচা আৰু জাপিৰে অভিনন্দন জ্ঞাপন কৰে। এই অনুষ্ঠানতে মনজিতৰ মাতৃ বন দিহিঙীয়া আৰু পত্নী ৰঞ্জু বৰগোহাইকো সম্ভাষণ জনায়। মনজিতৰ সাফল্যত পৰিয়াল তথা গহপুৰ বাসী যথেষ্ট আনন্দিত হৈছে।