এচিয়ান গেমছ, অলিম্পিকত স্বৰ্ণ পদক লাভ কৰোঁতাক ১ কোটি টকা প্ৰদান কৰা হ’ব: মুখ্য মন্ত্ৰী

চীফ্ মিনিষ্টাৰ্ছ্ টী ট্ৰাইব্ছ ফুটবল প্ৰতিযোগিতা

চীফ্ মিনিষ্টাৰ্ছ্ টী ট্ৰাইব্ছ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে এচিয়ান গেমছ অথবা অলিম্পিকত সোণৰ পদক দখল কৰা খেলুৱৈক চৰকাৰৰ তৰফৰ পৰা ১ কোটি টকা আগ বঢ়োৱা হ’ব।

খেলুৱৈ সকলক অধিক উৎসাহিত কৰিবৰ বাবে অসম চৰকাৰে এই পদক্ষেপ হাতত লৈছে বুলি উল্লেখ কৰি তেওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত জয়ী হোৱা খেলুৱৈ সকলক উৎসাহিত কৰিব পৰাকৈ কোনো ব্যৱস্থা হাতত নোলোৱাৰ বাবেই ক্ৰীড়া জগতখনত অসম পিছ পৰি আছিল বুলি ক্ষোভ প্ৰকাশ কৰ।

অহা ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগীয়া টুৰনামেন্টখনৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্য মন্ত্ৰী গৰাকীয়ে বক্তৃতাৰ মাজতে কয়,‘খেলৰ জৰিয়তে ৰাজ্যখনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা খেলুৱৈ সকলৰ বিকাশ সাধন কৰাৰ বাবে চৰকাৰে আৰু অধিক পৰিকল্পনা যুগুত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।’ এই উদেশ্যে অলিম্পিকত যিগৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ’ব তেওঁক পোনপটীয়াভাবে এ চি এছ, ডি এছ পি আৰু ডিটিঅ’ ৰ চাকৰিত যোগদান কৰিবলৈ সুবিধা প্ৰদান কৰা হ’ব। আনহাতে এছিয়ান গেমছত সোণৰ পদক দখলকাৰী সকলক আৰক্ষী পৰিদৰ্শক পদত নিযুক্তি দিয়া হ’ব বুলি তেঁও জানিবলৈ দিয়ে।

আনহাতে খেলুৱৈ সকলৰ সমান্তৰালকৈ প্ৰশিক্ষক সকলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। এই প্ৰসংগত তেওঁ কয় যে প্ৰশিক্ষক সকলকো প্ৰশিক্ষণ দিয়াৰ বাবদ চৰকাৰে নগদ ধন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

আজিৰ উদ্বোধনী সভাখনত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ সতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা বিদ্যুৎ বিভাগৰ দ্বায়িত্বত থকা পল্লবলোচন দাসৰ লগতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ক্ৰীড়া আৰু সঞ্চালকালয়ৰ পৰামৰ্শদাতা ও সচিব লক্ষ্য কোঁৱৰ, ভাৰতীয় চাহ মৰ্চাৰ উপ-সভাপতি প্ৰহ্লাদ গোৱালাকে কেন্দ্ৰ কৰি আন বহুকেইজন চাহ জনজাতীয় কল্যাণ বিভাগৰ বিষয়া উপস্থিত থাকে।

অহা ২০ জানুৱাৰীৰ পৰা ১০ ফ্ৰেব্ৰুৱাৰিলৈকে চলিব লগীয়া প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ৮০ টা বিধান সভা সমষ্টিৰ চাহ জনজাতি অধ্যুষিত অঞ্চল সমূহত ২০০০ টা ফুটবলৰ দলৰে সৈতে উক্ত টুৰ্নামেন্ট খন অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে আন্তঃ বিধান সভাৰ খেলসমূহ অনুষ্ঠিত হ’ব আৰু দুয়োটা পৰ্য্যায়ৰ খেলৰ পৰা নিৰ্বাচিত প্ৰতিভাবান খেলুৱৈৰে প্ৰতিখন জিলাতে একোটিকৈ দল গঠন কৰা হ’ব আৰু এওঁলোকে আন্তঃ জিলা প্ৰতিযোগিতাত মাণ্ডলিক পৰ্য্যায়ত অৱতীৰ্ণ হ’ব। আনহাতে কোকৰাঝাৰ, শিলচৰ, ওদালগুৰি আৰু যোৰহাট-এই চাৰিটা মণ্ডলৰ বিজয়ী দলে ছেমি ফাইনেলত পোনে পোনে অশগ্ৰহণ কৰিব পাৰিব।