NORTHEAST NOW (Assamese)

এছিয়ান মিশ্যন ইনষ্টিটিউটৰ উদ্যোগত জালাহত প্ৰতিৱেশী যুৱ সংসদ অনুষ্ঠিত

April 23, 2018 7:25 pm · পুলেন্দ্ৰ দাস

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু বৰপেটাৰ অন্যতম সামাজিক অনুষ্ঠান এছিয়ান মিশ্যন ইনষ্টিটিউটৰ সহযোগত জালাহত আজি প্ৰতিবেশী যুৱ সংসদ শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়।

জালাহৰ ঈগল এন জি অ’ৰ কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানটোত স্থানীয় যুৱ সমাজৰ মাজত দক্ষতা বিকাশ, যোগ-ব্যায়াম, নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যুৱ সংগঠনবোৰৰ উন্নয়ন আদি বিষয়সমূহৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হয়।

এছিয়ান মিশ্যন ইনষ্টিটিউটৰ সভাপতি ছানিদুল ইছলাম শিকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দক্ষতা উন্নয়নৰ প্ৰশিক্ষণৰ যোগেৰে আত্মসহায়ক গোট অথবা যুৱ ক্লাব গঠন কৰি নৱ-প্ৰজন্মক কিদৰে আগুৱাই নিব পাৰি তাৰ ওপৰত বক্তব্য আগবঢ়ায় জালাহৰ সমাজসেৱক কুৰপান আলীয়ে।

কেইবাগৰাকী যুৱক-যুৱতী অংশগ্ৰহণ কৰা আৰু আনোৱাৰ হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা কাৰ্যসূচীত এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ডাঃ এ কে শিকদাৰৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News