এজন মানুহৰ এটা স্বীকৃতিবিহীন, নীৰৱ আৰু একক অভিযানৰ কাহিনী

BicycleRider_1

নিৰ্বিশেষ চেহেৰাৰ উৎকণ্ঠাহীন মুখৰ এজন চাইকেল আৰোহী। পিন্ধনত তেনেই সাধাৰণ সাজপাৰ- ইস্ত্ৰীবিহীন কামিজ। মূৰত ধূলি আৰু শীতৰ বতাহে শুকান কৰি পেলোৱা চুলি। ভৰিত জোতাৰ পৰিৱৰ্তে চেন্দেল। ঠাণ্ডাই এতিয়াও মেলানি মগা নাই যদিও গাত নাই কোনো গৰম কাপোৰ। চাইকেলখনো কোনো বিশেষ চাইকেল নহয়। মাত্ৰ বিশেষ কৰি তুলিছে চাইকেলখনৰ আগত আৰু পিছত লাগি থকা দুখন সৰু ফলকে। এই ফলক দুখনত লিখা আছে এটা সাধাৰণ আহ্বান, ‘চাইকেল চলাওক আৰু তিনিটা বচাওক- পৰিৱেশ, পেট্ৰ’ল, স্বাস্থ্য- নিজৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে’।

বাবুল চন্দ্ৰ দে’ নামৰ এই লোকজনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নীৰৱে এটা বৃহৎ অভিযান চলাই আহিছে আজি বহু দিনৰ পৰা। তেওঁ অসমৰ বিভিন্ন ঠাইত এইদৰে চাইকেল চলাই পৰিৱেশ, পেট্ৰ’ল আৰু স্বাস্থ্য বচাবলৈ সকলোকে আহ্বান জনাই আহিছে। পৃথিৱী আৰু মানৱ জাতিৰ সন্মুখত থিয় হোৱা এটা ডাঙৰ সংকটৰ বিষয়ে সজাগতা সৃষ্টিৰ যৎকিঞ্চিত প্ৰয়াস কৰিছে। উজনি-নামনি অসম, উত্তৰ অসমৰ বিভিন্ন ঠাইত তেওঁ এই অভিযান ৰূপায়ণ কৰিছে। আনকি কলকাতাতো চাইকেল লৈ এই একেই মহৎ প্ৰচাৰৰ প্ৰয়াস কৰাৰ কথা আমাক ক’লে বাবুল চন্দ্ৰ দে’ই।

দে’ই কাম কৰে পাণ বজাৰৰ ষ্টাম্প বনোৱা এটা ব্যক্তিগত প্ৰতিষ্ঠানত। কিন্তু যেতিয়াই তেওঁ সময় পাই তেতিয়াই নিজৰ চাইকেলখন লৈ ওলাই যায়। অভিযানত যাওঁতে উদ্দেশ্যৰ বাটত আন একো নকৰি মাথো চাইকেল চলাই যোৱাই তেওঁৰ কাম। কিন্তু আগে-পাছে আঁৰি লয় তেওঁ বিলাই দিব খোজা বাৰ্তা।

এইবোৰ কৰি তেওঁ কি পাইছে সেয়া তেওঁক সোধাৰ দৰকাৰ নাই। তেওঁৰ মুখত আত্মবিশ্বাস আৰু সন্তোষৰ ৰেখ, যিটো বহুতো চহকী, বহুতো চাকৰিয়াল, বহুতো সফল ব্যক্তিৰ মাজতো দেখা নাযায়। নাই কোনো প্ৰচাৰৰ মোহ, নাই টকা-পইচা আহৰণ কৰাৰ কাৰচাজি।

এই নীৰৱ আন্দোলনৰ মহত্ত্বক হয়তো কোনোবাই উপলব্ধি কৰিব নোৱাৰিব পাৰে। বহুতে বহুৱালি বুলি নাকচ কৰিও দিব পাৰে। কিন্তু বাবুল চন্দ্ৰ দে’ৰ বাবে ই হৈ পৰিছে জীৱনৰ সংকল্পৰ অন্য নাম, তেওঁৰ সন্তুষ্টিৰো উৎস।