এতিয়াও ন্যায়ৰ অপেক্ষাত ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী টেট উত্তীৰ্ণ শিক্ষক  

teachers-326x245

ফাইল ফটো

ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অন্ত পৰাৰ প্ৰায় এমাহ হ’ল। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগতে গঠনো হ’ল নতুন চৰকাৰ। প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ জনতাই দেখিলে এক বিস্ময়কৰ পৰিৱৰ্তন।

২৫ বছৰীয়া বাওঁপন্থী শাসনক ওফৰাই ত্ৰিপুৰাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বিজেপিৰ প্ৰতি এতিয়া দৃষ্টি নিবদ্ধ ১০,৩২৩ গৰাকী শিক্ষকৰ।

যোৱা ৯ মাৰ্চৰ দিনাই বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰখনে শপত গ্ৰহণ লৈছিল। দু সপ্তাহৰ পাছতো চৰকাৰখনে এই শিক্ষকসকলৰ সমস্যাৰ সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ নকৰা প্ৰসংগত উদ্বেগ প্ৰকাশ কৰিছে দুৰ্ভগীয়া শিক্ষকসকলে।

ৰাজ্যখনৰ এই ১০,৩২৩ গৰাকী টেট উত্তীৰ্ণ শিক্ষকে নিজৰ চাকৰি হেৰুৱাৰ ভয়ত মানসিকভাৱে ভাগি পৰাৰ লগতে পুনৰ ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে। নৱনিৰ্বাচিত চৰকাৰৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শিক্ষকৰ প্ৰধান সমস্যাটোক আওকান কৰি অন্যান্য দিশত ব্যস্ত থকা বুলি এই শিক্ষকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে ত্ৰিপুৰা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিজৰ ঘোষণা পত্ৰত কৈছিল যে যদিহে আমি ৰাজ্যখনৰ দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰো তেন্তে এই শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰিম। কিন্তু আজিলৈ এই প্ৰসংগত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ চিন্তিত হৈ পৰিছে শিক্ষকসকল।

উল্লেখ্য যে, তদানীন্তন বাওঁপন্থী চৰকাৰে নিজাববীয়াকৈ ১২০০০ হাজাৰ পদৰ সৃষ্টি কৰি এই শিক্ষক সকলক নিযুক্তি প্ৰদানৰ আশ্বাস দিছিল। কিন্তু সেই প্ৰক্ৰিয়া কাৰ্যক্ষম নোহোৱাত টেট উত্তীৰ্ণ শিক্ষকসকলে  নিজৰ চাকৰি হেৰুৱাৰ ভয়ত সদৌ ত্ৰিপুৰা শিক্ষক সন্থাই বিভিন্ন প্ৰতিবাদ তথা অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

এতিয়া এই ১০,৩২৩ গৰাকী টেট উত্তীৰ্ণ শিক্ষকৰ ভৱিষৎ কোন দিশে গতি কৰে সেয়া সম্পূৰ্ণ লক্ষ্যণীয় হ’ব নৱনিৰ্বাচিত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কৰ্মৰাজিৰ ওপৰত।