NORTHEAST NOW (Assamese)

এন আই টিৰ সমাবৰ্তন অনুষ্ঠানত শিক্ষাৰে সমাজক আগুৱাই নিয়াৰ বাবে শিক্ষাৰ্থীক আহ্বান উপ ৰাষ্ট্ৰপতিৰ

May 23, 2018 7:46 pm · এন ই নাও নিউজ

নাগালেণ্ডৰ চুমুকেডিমাত অৱস্থিত এন আই টি নাগালেণ্ডৰ সমাবৰ্তন অনুষ্ঠানত উপস্থিত থাকি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এছিয়ান দেশসমূহে লুক ইষ্ট পলিচিৰ সুযোগ হেৰুওৱা অনুচিৎ।  তেওঁ আৰু কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে এই নীতি বাস্তৱায়ত কৰিব লাগে।

প ৰাষ্ট্ৰপতি  ভেংকায়ানাইডুৱে দৃঢ়ভাৱে কয় যে এক্ট ইষ্ট পলিচিয়ে এই এলেকাটোলৈ দীৰ্ঘম্যাদী প্ৰগতি লৈ আহিব।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে যোগাযোগৰ কৰিড’ৰটো শিক্ষাৰ কৰিড’ৰৰৰ সৈতে সংযোগ কৰিব লাগে।

তেওঁ শিক্ষাৰ্থীসকলক সামাজিক বিকাশৰ বাবে  জড়িয়তে নিজৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰা উপদেশ দিয়ে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ২০১৫-১৬ আৰু ২০১৬-১৭ চামৰ দুগৰাকী গৱেষক ছাত্ৰ, ২৮গৰাকী এম টেক আৰু ৩৭ গৰাকী বি টেক ছাত্ৰক ডিগ্ৰী প্ৰদান কৰে।

তেওঁ শিক্ষাক এটা জীৱনজোৰা প্ৰক্ৰিয়া বুলি মন্তব্য কৰি কয় যে ডিগ্ৰী নহয় যি শিকা হয় তাকেহে হিচাপ কৰা হয়। শিক্ষা জ্ঞান আৰু জ্ঞানৰ বাবে বুলি তেওঁ কয়।

তেওঁ ছাত্ৰ ছাত্ৰসকলক নিজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আহ্বান জনায়।

এন আই টি নাগালেণ্ডৰ দ্বিতীয় সমাৱৰ্তনক নাগালেণ্ডৰ প্ৰযুক্তি ক্ষেত্ৰখনৰ এটা মাইলৰ খুটি বুলি অভিহিত কৰে। প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম আৰু অধিক উন্নত কৰিলে ই দেশ আৰু সমাজলৈ প্ৰভূত বৰঙণি যোগব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয় যে স্নাতক আৰু ডিগ্ৰী লাভ কৰাটো এগৰাকী শিক্ষাৰ্থীৰ জীৱনত এটা ডাঙৰ অভিজ্ঞতা, তেওঁলোকৰ এই সাফল্যত পিতৃ মাতৃ আৰু শিক্ষকৰ অৱদান শ্ৰদ্ধা সহকাৰে শলাগ ল’বলৈ আহ্বান জনায়।

তেওঁ শিক্ষাৰ্থীসকলক  অন্য ভাষা শিকাৰ লগে লগে তেওঁলোকৰ মাতৃভাষা শিকা আৰু ইয়াৰ প্ৰসাৰ কৰাৰ বাবে আহ্বান জনায়।

নিজৰ ভাষণত নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই কয় যে এন এই টি নাগালেণ্ড ৰাজ্যখনৰ প্ৰথম কেন্দ্ৰীয় পুঁজিৰে স্থাপন কৰা প্ৰতিষ্ঠান। আৰম্ভণিৰ দিনৰ পৰা শিক্ষ প্ৰতিষ্ঠানটোৱে ৮ টা শাখাত ডিগ্ৰী প্ৰদান কৰি আহিছে।

তেওঁ সমগ্ৰ উত্তৰ-পূ্ৰ্বাঞ্চলত থকা বিশাল পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত বক্তব্য ৰাখি কয় যে এই সম্পদসমূহ উপযোগ কৰিব লাগে।

এন আই টি নাগালেণ্ডৰ সঞ্চালক ড০ এছ বেণুবোপালে তেওঁৰ বাৰ্ষিক প্ৰতিৱেদনত কয় যে ২০১২ শিক্ষা বৰ্ষৰ পৰা ৭০ শতাংশই নিয়োজন লাভ কৰিছে। সমাৱৰ্তনত অধ্যক্ষতা কৰা নাগালেণ্ড এন আই টিৰ ব’ৰ্ড অব গভৰ্নৰ্ছৰ অধ্যক্ষ  সুপৰ্ণ মৈত্ৰই অনুষ্ঠানটোৰ আৰম্ভণি আৰু সামৰণিৰ ঘোষণা কৰে।

Related News