এন আই টি আগৰতলাত অৰুণাচলী ছাত্ৰক প্ৰহাৰ

NIT_Agartala

ত্ৰিপুৰাৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান এন আই টি আগৰতলাত দেওবাৰে ৰেগিঙৰ নামত এগৰাকী অৰুণাচলী ছাত্ৰক শিক্ষানুষ্ঠানখনৰ জ্যেষ্ঠ ছাত্ৰসকলে শাৰীৰিক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে।

আক্ৰমণৰ বলি হোৱা ডুই ডোজি নামৰ ছাত্ৰজন হৈছে শিক্ষা প্ৰতিষ্ঠানটোৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ।

প্ৰাপ্ত তথ্য মতে,অৰুণাচলৰ পশ্চিম ছিয়াং জিলাৰ পৰা অহা ১৭ বছৰ বয়সীয়া ডোজিক ১৫ৰ পৰা ২০ জনিয়া এটা ছাত্ৰৰ দলে অচেতন হৈ যোৱাকৈ প্ৰহাৰ কৰিছিল। ইয়াৰ উপৰি দলটোৱে কিছু সময়ৰ বাবে তেওঁৰ মোবাইল ফোনটোও কাঢ়ি নিছিল বুলি তেওঁ অভিযোগ কৰে।

বৰ্তমান আগৰতলাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰজনৰ দেহৰ কেইবাটাও অংশত হাড়ৰ জোৰা লৰাৰ লগতে  কাণৰ ভিতৰৰ অংশতো আঘাট পায়।

আনহাতে, ছাত্ৰজনৰ পৰিয়ালৰ লোকে ঘটনাটো সম্পৰ্কত শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ সৈতে কথা পতাত তেওঁ ইয়াৰ ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে প্ৰতিষ্ঠানটোৰ সুনামত চেকা পৰা ভয়ত এজাহাৰ দাখিলৰ পৰা বিৰত থাকিবলৈ পৰিয়ালৰ লোকক খাতিৰ ধৰে বুলি তেওঁলোকে অভিযোগ কৰে।

 

উল্লেখযোগ্য যে এগৰাকী মেধাৱী ছাত্ৰ হিচাপে পৰিচিত ডোজিয়ে যোৱা বছৰত অনুষ্ঠিত এন আই টিৰ প্ৰবেশ পৰিক্ষাত ৰাজ্যখনৰ শীৰ্ষ দহ গৰাকী ছাত্ৰৰ মাজত স্থান পাইছিল।