NORTHEAST NOW (Assamese)

এন আৰ চিৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান বৰপেটাৰ চক্ৰ বিষয়া পল্লবী গগৈৰ

June 28, 2018 9:54 pm · পুলেন্দ্ৰ দাস

‘এন আৰ চিৰ অপপ্ৰচাৰত ভোল নাযাব। কিয়নো এন আৰ চিকলৈ ভয় আৰু শংকাৰ কোনো কাৰণ নাই’। এই মন্তব্য বৰপেটাৰ চক্ৰ বিষয়া পল্লবী গগৈৰ ।

আজি বৰপেটাৰ ধানবান্ধাত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ সন্দৰ্ভত অনুষ্ঠিত এখন সজাগতা সভাত চক্ৰ বিষয়াগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

বৰপেটা সদৰ থানাৰ উদ্যোগত আৰু ৯৯ নং বাহমূৰা গাওঁ পঞ্চায়ত এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখনত অংশগ্ৰহণ কৰি চক্ৰ বিষয়াগৰাকীয়ে পুনৰ কয় যে এন আৰ চিত বহু লোকৰ নাম বাদ পৰিব বুলি অপ-প্ৰচাৰ চলিছে। এচাম দুষ্কৃতিকাৰীয়ে এনে অপ-প্ৰচাৰৰ জৰিয়তে এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাত বাধাৰ সৃষ্টি কৰিছে।

ইয়াৰ উপৰি ৩০ জুনৰ পিছত দাবী আৰু নিস্পত্তিৰ বাবে ৰাইজে সুযোগ পাব বুলি উল্লেখ কৰি বিষয়া গৰাকীয়ে ৰাইজৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে। অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ ৰাইজৰ সহযোগত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে চক্ৰ বিষয়া গৰাকীয়ে।

আনহাতে সজাগতা সভাখনত অংশ গ্ৰহণ কৰি বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতাই কয় যে, এচাম দুষ্কৃতিকাৰীয়ে বহু লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব বুলি উৰাবাতৰি বিয়পাইছে। তেনে উৰাবাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায় আৰক্ষী বিষয়া গৰাকীয়ে।

কোনো ভাৰতীয় লোকৰ নাম যাতে বাদ নপৰে অথবা কোনো বিদেশীৰ নাম যাতে এন আৰ অন্তৰ্ভূক্ত নহয় তাৰ বাবে প্ৰশাসনে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা বুলি কয় আৰক্ষী বিষয়া গৰাকীয়ে।

ডি’ ভোটাৰৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নহয় বুলি উল্লেখ কৰি এই সকল লোকৰ নাম ‘হোল্ড’ কৰি ৰখা হব বুলি কয়। ন্যায়ালয়ত স্বদেশী বুলি ৰায় দান লাভ কৰাত পিছতহে তেনে লোকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হব বুলি সদৰি কৰে।

এন আৰ চি সন্দৰ্ভত যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আৰক্ষী আৰু প্ৰশাসন সাজু বুলিও উল্লেখ কৰে।

জি বি হাইমাদ্ৰাছাৰ প্ৰধান শিক্ষক মোঃ নুৰুল হকৰ সভাপতিত্বত আৰু বৰপেটা থানাৰ চক্ৰ সংগঠক যোগেন্দ্ৰ নাথ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাখনত বৰপেটা ৰাজহ চক্ৰ বিভাগৰ ভাস্কৰ ডেকাইও ভাষণ প্ৰদান কৰে। সভাখনত স্থানীয় ফজলুৰ ৰহমান, অভিনাশ চৌধুৰী, জিন্নত আলী, দৌলত খান, সৰবেশ আলীৰ লগতে গৰেমাৰী পথাৰ, উত্তৰ গৰেমাৰী পথাৰ, বাহমূৰা, ধানবান্ধা, দেউৰীকুছি আৰু সনকুছি গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Related News