এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে কেন্দ্ৰই প্ৰেৰণ কৰিব অতিৰিক্ত নিৰাপত্তাবাহিনী

NRC

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ পাছত ৰাজ্যত সৃষ্টি হ’ব পৰা সম্ভাব্য পৰিস্থিতিলৈ লক্ষ্য ৰাখি মঙলবাৰে দিল্লীৰ নৰ্থ ব্লকত এখন সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ বিভাগৰ সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসমৰ মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, আইন-শৃখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য উপস্থিত থাকে।

সন্ধিয়া প্ৰায় ৭ মান বজাত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ বিভিন্ন স্পৰ্শকাতৰ বিষয় সমূহৰ ওপৰত বিতং আলোচনা কৰা হয়। এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ পাছত কেইবাখনো জিলাত উদ্ভৱ হ’ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ ওচৰত অসম চৰকাৰে তথ্যসহকাৰে প্ৰতিবেদন দাখিল কৰিছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই প্ৰতিবেদন গুৰুত্বসহকাৰে গ্ৰহণ কৰি অসমলৈ অতিৰিক্ত নিৰাপত্তাবাহিনী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

মনকৰিবলগীয়া যে দ্বিতীয় খচৰা প্ৰকাশ পোৱাৰ পাছত অসমত সৃষ্টি হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ যথেষ্ট উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছিল। আৰু সেই বাবেই অসমত অতিৰিক্ত আৰক্ষী মোতায়েন কৰাৰ প্ৰসংগতো কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ সৈতে আলোচনা কৰে।

ইফালে আজি দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত হ’ব আন এখন গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া বৈঠকখনত উপস্থিত থাকিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সাম্প্ৰতিক সময়ত অসমক উত্তাল কৰি ৰখা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে এন ৰ চিৰ খচৰা প্ৰকাশ তথা অসমৰ নিৰাপত্তাজনিত সমস্যা সম্পৰ্কে বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।