এন আৰ চিৰ নামত ভুৱা নথি-পত্ৰ যোগান :মৰিগাঁৱৰ দলংঘাটত গ্ৰেপ্তাৰ দালালসহ এন আৰ চি কৰ্মচাৰী

এন আৰ চিৰ জালিয়াতি

এন আৰ চিৰ তথ্য জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তাজনুৰ আলী। ফটো : নৰ্থ ইষ্ট নাও

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দলংঘাট পাঘালি এন আৰ চি কেন্দ্ৰত চলি থকা বংশবৃক্ষ পুনৰীক্ষণ প্ৰক্ৰিয়াত আবেদনকাৰীক ধনৰ বিনিময়ত জালিয়তিৰে বিভিন্ন তথ্য-পাতি যোগান ধৰি যোৱা নিশা এটা দালাল গ্ৰেপ্তাৰ হয়।

নগাঁৱৰ জাজৰিৰ বাছ আস্থানৰ সমীপৰ ধৃত দালালটোৰ নাম তাজনুৰ আলী ওৰফে চি আৰ পি। দালালটোৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ গাঁও পঞ্চায়তৰ প্ৰমাণ পত্ৰ, গাঁওবুঢ়া প্ৰমাণ পত্ৰ, স্কুল চাৰ্টিফিকেটৰ প্ৰতিলিপিও জব্দ কৰিছে।

আনহাতে, তথ্য জালিয়তিৰ ঘটনাত জড়িত থকাৰ সন্দেহত বৰিবজাৰ আৰক্ষীয়ে আটক কৰিছে মৰিগাঁ‌ও জিলাৰ মিকিৰভেটা তুমুকাবড়িৰ আমিনুল ইছলাম নামৰ এজন এন আৰ চি কৰ্মচাৰীক। দলংঘাট পাঘালি এন আৰ চি কেন্দ্ৰত ডাটা এন্ট্ৰি অপাৰেটৰ ৰূপে নিয়োজিত হৈ আছে আমিনুল ইছলাম।

উল্লেখ্য যে, দুয়োজনে পাঘালি এন আৰ চি সেৱা কেন্দ্ৰত বংশবৃক্ষ পুনৰীক্ষণৰ বাবে অহা লোকক ধনৰ বিনিময়ত বিভিন্ন নথি-পত্ৰ জালিয়তি কৰি যোগান ধৰি আহিছিল। সম্প্ৰতি বৰিবজাৰ আৰক্ষীয়ে দুয়োকে মাৰথান জেৰা অব্যাহত ৰাখিছে।