এন আৰ চিৰ প্ৰভাৱ : সীমান্ত অঞ্চলত চোকা দৃষ্টি ৰাখিবলৈ ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিলে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত চোকা দৃষ্টি ৰাখিবলৈ ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিলে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে। মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আজি আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা সীমামূৰীয়া অঞ্চলবোৰৰ নিৰাপত্তামূলক পৰিস্থিতিৰ তথ্য বিচাৰে।

উল্লেখযোগ্য যে অসমত চলি থকা এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত ৰাজ্যখনত থকা অবৈধ অনুপ্ৰৱেশকাৰীয়ে চুবুৰীয়া ৰাজ্যলৈ প্ৰব্ৰজন কৰাৰ সম্ভাৱনা দেখিয়েই চুবুৰীয়া ৰাজ্যকেইখনে এই ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা লৈছে। কালি মণিপুৰ চৰকাৰেও তেওঁলোকৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্য্যালোচনা কৰিছিল। অসম-মণিপুৰ সীমাত থকা জিৰিবাম জিলাৰ কিছুমান বাঁহৰ দলং ভাঙি পেলোৱা হৈছে, যাতে নিৰপত্তা চকীক এৰাই চলি কোনো লোক ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে।

একেই শংকাতে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীয়েও ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানজনক সীমান্তত সতৰ্কতা বৃদ্ধিৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। জানিব পৰামতে আৰক্ষী সঞ্চালক প্ৰধানজনে মুখ্য মন্ত্ৰীজনক এই কথা আনুষ্ঠানিকভাৱে জনাইছে যে সীমামূৰীয়া আটাইকেইখন জিলাৰ আৰক্ষী অধীক্ষকসকলক সতৰ্ক কৰি দিয়া হৈছে আৰু এনেকুৱা কিবা পৰিস্থিতি উদ্ভৱ হ’লেই অসমৰ সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰক্ষী সঞ্চালক প্ৰধানজনে কয় যে অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন আৰু বিশেষকৈ অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমান্ত জিলাকেইখনত এন আৰ চি সম্পৰ্কীয় কোনো ইচ্ছ্যু সৃষ্টি হোৱা নাই।