এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক অসমৰ পৰা ‘বাঙালী খেদাৰ ষড়যন্ত্ৰ’ আখ্যা বৰাকৰ বাঙালী সমাজৰ

এন আৰ চি

কেৱল অসমৰে নহয়, পশ্চিম বংগৰ বাঙালী সমাজকো অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতাৰ বাবে লগত টানি আনিবলৈ ওলাইছে বৰাকৰ বাঙালী সমাজ। জানিব পৰা মতে অসমৰ বৰাক উপত্যকাৰ কিছু সংখ্যক বুদ্ধিজীৱী, ৰাজনৈতিক নেতা তথা সমাজকৰ্মী-শিক্ষাবিদে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক অসমৰ বাঙালী সমাজৰ বিৰুদ্ধে যোৱা বুলি দেখুৱাই ইয়াৰ বিৰুদ্ধে সমগ্ৰ বাঙালী জাতিক জাগৃত কৰিবলৈ এক সন্মিলনৰ আয়োজন কৰিছে।

এই সন্মিলন আয়োজন কৰা হৈছে কলকাতাত। অহা ১২ জানুৱাৰিত কলকাতাত হ’ব লগীয়া উক্ত সন্মিলনখনত মুখ্য বক্ত হিচাপে উপস্থিত থাকিব অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তপোধীৰ ভট্টাচাৰ্য্য। আনহাতে বৈঠকৰ আহ্বায়ক হ’ল ক্ৰমে হেমেন্দু বিকাশ চৌধুৰী আৰু নীতীশ বিশ্বাস। তেওঁলোকৰ দ্বাৰা স্বাক্ষৰিত প্ৰচাৰ পত্ৰখনত লিখা হৈছে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত আকৌ বাঙালী বিতাড়নৰ ভয়ংকৰ চক্ৰান্ত আৰম্ভ হৈছে। সভাখনত সভাপতিত্ব কৰিব সৰ্বভাৰতীয় বাংলা ভাষা মঞ্চৰ সভাপতি ড০ ডি কে সিনহাই। সভাখনত পশ্চিম বংগৰো কেইবাজনো নেতাই অংশ গ্ৰহণ কৰিব বুলি জনোৱা হৈছে।

উল্লেখযোগ্য যে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্য্যৱেক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিকৰ মন্তব্যৰ পিছতে অসমৰ বৰাক উপত্যকাৰ বাঙালীসকলো সৰব হোৱাৰ লগতে প্ৰতিবাদমুখী হৈ পৰা দেখা পোৱা গৈছে। অতি শেহতীয়াকৈ বাৰাকৰ এগৰাকী উল্লেখযোগ্য নেত্ৰী তথা ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবেও এন আৰ চি প্ৰক্ৰিয়াই অসমৰ বৰাক উপত্যকাৰ বাঙালীসকলক বৈষম্যৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তুলিছিল আৰু এন আৰ চিৰ পৰা বাঙালীসকলৰ নাম ইচ্ছাকৃতভাৱে বাদ দিয়া বুলিও গুৰুতৰ অভিযোগ আনিছিল। আনকি যোৱা দুদিন পূৰ্বে বৰাকত এন আৰ চি প্ৰক্ৰিয়াটোৰ এনে বৈষম্যৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্য্যসূচী উলিওৱা হৈছিল। তাত সুস্মিতা দেবকে ধৰি প্ৰাক্তন মন্ত্ৰী অজিত সিঙেও অংশগ্ৰহণ কৰিছিল। লগতে উপত্যকাটোৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে এই প্ৰতিবাদলৈ নৈতিক সমৰ্থন আগ বঢ়াইছিল।

ইয়াৰ বিপৰীতে তথা সমান্তৰালভাৱে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী সকলে মমতাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক সংগতভাৱেই গ্ৰহণ কৰা দেখা গৈছে।

অৱশ্যে শেহতীয়া এক তথ্য অনুসৰি অসমত মমতাৰ উচটনিমূলক মন্তব্যৰ প্ৰতিবাদ কৰি দেখুওৱা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেইশ্যন নামৰ বাঙালী সংগঠনটোৱে একে ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ খবৰ পোৱা গৈছে। সংগঠনটোৱে যোৱা ৯ নৱেম্বৰত কলকাতাত সংবাদমেল পাতি বাঙালী লোকসকল এন আৰ চি প্ৰক্ৰিয়াৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল। সংগঠনটোৰ উপদেষ্টা চিত্ত পাল আৰু সভাপতি দীপক দেই তাত ভাষণ দিয়াৰ লগতে তেওঁলোক দুজনে মমতা বেনাৰ্জীকো বিষয়টো সন্দৰ্ভত লগ কৰিছিল।

কিন্তু অসমত মমতাৰ মন্তব্যক লৈ প্ৰতিবাদৰ ধুমুহা উঠাৰ পিছতে সংগঠনটোৱে নিজৰ অসমপ্ৰীতি প্ৰদৰ্শন কৰি মমতাৰ মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে অসমত বাঙালীসকল শান্তি-সম্প্ৰীতিৰে বাস কৰি আছে বুলি বিবৃতি দিছিল।