এমেৰিকান যুটীয়া প্ৰযোজনাত জাহ্নু বৰুৱাই পৰিচালনা কৰিব ‘Unread Pages’

jahnu-barua

সংবাদমেলত জাহ্নু বৰুৱা অন্যান্য

অসমৰ প্ৰখ্যাত চিনে’মা নিৰ্মাতা জাহ্নু বৰুৱাই প্ৰথমবাৰৰ বাবে এমেৰিকান যুটীয়া প্ৰযোজনাত ‘Unread Pages’ নামৰ এখন চিনে’মা পৰিচালনা কৰিবলৈ লৈছে।

এই যুটীয়া প্ৰযোজনাৰ বাবে চুক্তিবদ্ধ হৈছে মুম্বাইৰ ইস্তাৰলি এন্তাৰ্টেইনমেন্ত আৰু হলিউদৰ ইভানহ’ পিক্সাৰ্ছ।

‘Unread Pages’ সুখী পৰিয়াল এটা ভাগি যোৱাৰ গভীৰ বেদনাদায়ক এক কাহিনী। চিনে’মাখনৰ নায়ক তেওঁৰ জনমভূমি আৰু সংস্কৃতিৰ পৰা বিচ্ছিন্ন এজন মানুহ যি অসমত তেওঁৰ পৰিচয় ঘূৰাই পোৱাৰ বাবে বহু বছৰ পিছত নিউ য়ৰ্কৰ পৰা ঘূৰি আহিছে।

চিনে’মাখনৰ প্ৰযোজক ইস্তাৰ্লি এন্তাৰ্টেইনমেন্তৰ শ্বানাব আলমে কয়, ‘কাহিনীটো যিহেতু মূলতঃ অসম নিৰ্ভৰ, সেয়ে চিনে’মা খনৰ চিত্ৰগ্ৰহণ অসমতে হোৱা উচিত।’

চিনে’মা খনে নতুনকৈ গৃ্হীত ৰাজ্যিক পৰ্য্যটন নীতিৰ চৰ্তসমূহ পূৰণ কৰিলে ১ কোটি টকালৈকে সম্পূৰ্ণ সুবিধা আদায় কৰিবলৈ সক্ষম হ’ব।

অসম পৰ্য্যটন উন্নয়ন নিগমে অসমক লৈ নিৰ্মীত চিনে’মাৰ যোগেদি ৰাজ্যখনত চিনে’মা পৰ্য্যটন প্ৰসাৰৰ বাবে বিশেষ গুৰুত্ব দিছে।

জাহ্নু বৰুৱাই কয়, ‘চিনে’মা খনৰ ৩০% সংলাপ ইংৰাজীত হ’ব। উজনি অসম আৰু উত্তৰ এমেৰিকাত ইয়াৰ চিত্ৰগ্ৰহণ কৰা হ’ব।’

চিনে’মা খন অহা দুবছৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। ইয়াত স্থানীয় অসমীয়াৰ লগতে বিদেশী অভিনেতায়ো অভিনয় কৰিব।

এই সন্দৰ্ভত আয়োজিত এক সংবাদ মেলত জাহ্নু বৰুৱাই কয় ‘মই প্ৰকল্পটোক লৈ আশাবাদী। ই মোৰ বাবে এক সম্পূৰ্ণ নতুন অভিজ্ঞতা হ’ব। চিনে’মা নিৰ্মাণত প্ৰচুৰ দলবদ্ধ খাটনিৰ প্ৰয়োজন। এনে এক প্ৰকল্পৰ বাবে একগোট হোৱাতো অসমৰ বাবেও এক ডাঙৰ অগ্ৰগতি।’

প্ৰযোজনা সংস্থা ইভানহ’ পিক্সাৰ্ছ অসমত তেওঁলোকৰ এই প্ৰথম প্ৰকল্পটোক লৈ আশাবাদী বুলি মত প্ৰকাশ কৰে সংস্থাটোৰ কাৰ্য্যবাহী উপ-সঞ্চালক কিলিয়ান কেৰৱিনে।

জাহ্নু বৰুৱা ইয়াৰ পূৰ্বেও বলিউদ আৰু বিদেশৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত আছিল।

সংবাদমেলখনত অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।