এ আই ইউ ডি এফৰ সৈতে মিতিৰালিক কেন্দ্ৰ কৰি তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ বাক-বিতণ্ডা

Ajmal

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যখনত জলন্ত সমস্যাই লগ নেৰা সময়তে বোকা চটিওৱা ৰাজনীতিত লিপ্ত হৈ পৰিছে ৰাজ্যৰ শাসক-বিৰোধী। এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছ-বিজেপি দুয়োপক্ষৰে মিতিৰালি আছে বুলি অভিযোগ উত্থাপন কৰি নামি পৰিছে তীব্ৰ বাক-বিতণ্ডাত। কংগ্ৰেছে বিজেপিক এ আই ইউ ডি এফ দলৰ পৰিপূৰক আখ্যা দিয়াৰ বিপৰীতে বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলক এ আই ইউ ডি এফৰ বি-টীম আখ্যা দিছে বিজেপিয়ে।

আনহাতে কংগ্ৰেছৰ অধিকাংশ মুছলমান বিধায়কেই বাংলাদেশী মূলৰ বুলি ৰাজিক্য বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কৰা বিতৰ্কিত মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰি সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়- ‘অসমৰ ইতিহাসৰ সম্যক জ্ঞানৰ অভাবৰ বাবে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আৱালে এনেধৰণৰ আবন্তৰ মন্তব্য কৰিছে। বাংলাদেশৰ জন্ম হোৱাৰ বহু শতিকা পূৰ্বে অসমলৈ আহিছে এইসকল মুছলমান। অসমীয়া বৃহত্তৰ জাতিৰ অন্যতম অংগস্বৰূপ হৈ পৰা মুছলমান সম্প্ৰদায়ৰ কংগ্ৰেছী বিধায়কসকলক পূৰ্ববংগীয় মূলৰ বুলি কৈ অসমৰ সমগ্ৰ মুছলমানকে অপমান কৰিছে।‘

ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কংগ্ৰেছ দলক এ আই ইউ ডি এফৰ বি টীম আখ্যা দিয়ে। আৰু লগতে কয় যে কংগ্ৰেছক পূৰ্ববংগীয় মুছলমানৰ কথা ক’লেই তেওঁলোক জাঙুৰ খায় উঠে। দলটোৱে একমাত্ৰ ভোটবেংকৰ স্বাৰ্থতে অসমখনক অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে।

‘কংগ্ৰেছ দলৰ ২৫ গৰাকী বিধায়কৰ ১৫ জনেই মুছলমান সম্প্ৰদায়ৰ আৰু তাৰে ১৫ গৰাকীয়ে পূৰ্ববংগীয় মূলৰ। কংগ্ৰেছ দলে কেৱল অবৈধ মুছলমানৰ হৈ ৰাজনীতি কৰি আহিছে’ বুলিও প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে গোস্বামীয়ে।

ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰি কয়, ‘যোৱা বিধানসভা নিৰ্বাচনত বিজেপি আৰু এ আই ইউ ডি এফে গোপন বুজা-বুজি কৰিছিল। যাৰ বাবে নিজৰ একেবাৰে গণভিত্তি নথকা সমষ্টিতো এ আই ইউ ডি এফ দলে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। এ আই ইউ ডি এফ দলৰ বাবেই কংগ্ৰেছে বিগত নিৰ্বাচনত ৩৫ খন আসন হেৰুৱাবলগীয়া হয়। এই কথাই প্ৰমাণ কৰে যে এ আই ইউ ডি এফ দলৰ বাবেই অসমত বিজেপি চৰকাৰ ক্ষমতালৈ আহিছে’।

তাৎপৰ্য্যপূৰ্ণ কথা যে সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ আৰু হত্যাক পুনৰবাৰ সাম্প্ৰদায়িকতাৰ ৰহন সানিছে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে। গোস্বামীয়ে সংবাদ মাধ্যমক প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্ট ৰূপত প্ৰকাশ কৰে যে শতকৰা ৯০ শতাংশ পূৰ্ববংগীয় লোকে ধৰ্ষণ-লুন্ঠন আদি অপৰাধমূলক কাম-কাজত জড়িত।