এ পি এছ চিৰ কেলেংকাৰি : দুলীয়াজানৰ পৰা গ্ৰেপ্তাৰ পলাতক কবিতা দাসক
অশেষত এ পি এছ চি কেলেংকাৰিত নাম সাঙোৰ খাই পৰা এ পি এছ কবিতা দাসক ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ স্বামীৰ গৃহৰ পৰা দেওবাৰে নিশা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান কবিতা দাসক দুলীয়াজানৰ পৰা গুৱাহাটীলৈ আনি থকা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এপি এছ কবিতা দাসৰ নামো এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তকাৰী আৰক্ষীৰ সন্দেহৰ আওতাত আছিল। আনকি কবিতা দাসে যোৱা ২৫ মে’ত নিজৰ হস্তাক্ষৰ পৰীক্ষা দিছিল।
আনহাতে দিচপুৰৰ এক প্ৰভাৱশালী চক্ৰৰ সৈতে সুসম্পৰ্ক থকাৰ সুবাদতেই আৰক্ষী বিষয়াগৰাকীৰ প্ৰতি তদন্তকাৰী আৰক্ষীয়ে নৰম স্থিতি লোৱাৰ অভিযোগ উত্থাপন হৈছিল। আনকি বিগত ৯ দিন ধৰি কবিতা দাসে নিজৰ কৰ্মাক্ষেত্ৰত যোগদান কৰাৰ পৰা বিৰত থকাৰ লগতে কবিতাৰ মোবাইল ফোনো চুইচ অফ হৈ আছিল।
মন কৰিব লগীয়া যে এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত সম্প্ৰতি ত্ৰাসিত কৰি তুলিছে আৰক্ষী বিষয়া সকলক। যিহেতু ধনৰ বিনিময়ত চাকৰি যোগাৰ কৰি আৰক্ষী বিষয়া হোৱা বহুতেই এতিয়া ৰঙা ঘৰৰ আলহী হৈ আছে।
ইফালে শেহতীয়াকৈ যোৱা ১৯ জুলাইত কেলেংকাৰিটোত জড়িত বুলি সন্দেহ কৰা ১৯জন ৰাজপত্ৰিত বিষয়াৰ হস্তাক্ষৰ পৰীক্ষা লোৱাৰ লগতে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছিল তদন্তকাৰী আৰক্ষীয়ে।