এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত আৰু এগৰাকী এপিএছ বিষয়াক গ্ৰেপ্তাৰৰ সম্ভাৱনা

এপিএছ কবিতা দাস

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় ৯০ শতাংশ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হোৱা এই গোচৰত শেহতীয়াকৈ ১৯ গৰাকী বিষয়াক ডিব্ৰুগড় আৰক্ষীয়ে জাননী কৰিছে। আনহাতে, বৰ্তমান কৰ্মৰত এগৰাকী এপিএছ বিষয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভৱনা আছে।

জানিব পৰা মতে শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে বৰ্তমান দুলীয়াজানত আইন শৃংখলাৰ উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত এ পি এছ বিষয়া কবিতা দাস। প্ৰায় দুমাহ পূৰ্বে হস্তাক্ষৰ পৰীক্ষা সম্পূৰ্ণ হোৱা এ পি এছ বিষয়া কবিতা দাসৰ ফৰেনছিক প্ৰতিবেদনত ডিব্ৰুগড় আৰক্ষীয়ে বিসংগতিৰ প্ৰমাণ লাভ কৰিছে।

আনহাতে, তথ্য অনুসৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত কবিতা দাস ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে বিগত কংগ্ৰছ চৰকাৰৰ দিনত সংঘটিত এ পি এছ চিৰ ‘ধনৰ বিনিময়ত চাকৰি’ৰ কেলেংকাৰিত শেহতীয়াভাৱে কেলেংকাৰিটোৰ তদন্ত কৰি থকা ডিব্ৰুগড়ৰ  আৰক্ষীয়ে  তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মা আৰু এসময়ৰ কংগ্ৰেছী তথা বৰ্তমান বিজেপিৰ হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ ভতিজী মনিকা তেৰনপিকে ধৰি ১৯জন এ চি এছ, এ পি এছ বিষয়ালৈ জাননী জাৰি কৰিছে।

জানিব পৰামতে, এই বিষয়াকেইজনক অনতিপলমে তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে। এইসকল চমনপ্ৰাপ্ত বিষয়াক তেওঁলোকৰ হাতৰ আখৰৰ নমুনা দিবলৈ মতা হৈছে। ইয়াৰে ১৩জন এ চি এছ বিষয়া আৰু ৩জন এ পিএছ বিষয়া। আন তিনিজনৰ এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু এজন কৰ পৰিদৰ্শক বুলি জানিব পৰা গৈছে।

এওঁলোক আটাইকেইজনক ১৮ জুলাইত গুৱাহাটীৰ কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিবলৈ নিৰ্দেশ দিয়া হৈছে।