ঐতিহাসিক কীৰ্তিচিহ্নৰ দায়িত্ব ব্যক্তিগত খণ্ডক : ৫ মে’ত আন্দোলনকাৰী সংগঠনৰে বৈঠকত বহিব পৰ্যটন মন্ত্ৰী ব্ৰহ্ম

28regtour_185407

পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম : ফাইল ফটো

ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিয়াৰ ক্ষেত্ৰত সংগঠনসমূহৰ মাজত হোৱা শংকা নিৰসন কৰিবলৈ অহা ৫ মে’ শনিবাৰে সন্ধিয়া ৫ বজাত দিছপুৰত সংগঠনসমূহক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা জানিবলৈ দিছে পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই।

ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ লগতে প্ৰাচীন কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদৌল চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক অৰ্পণ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যখনৰ দল-সংগঠনসমূহৰ লগতে সচেতন ৰাইজ জাঙুৰ খাই উঠাত অস্বস্তিত পৰিছে ৰাজ্য চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে দেশৰ অন্যান্য কীৰ্তিচিহ্নৰ লগতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰাচীন ঐতিহ্যসমূহৰ মূল এলেকা চোৱাচিতাৰ বাবে ব্যক্তিগত খণ্ডক অৰ্পণ কৰা নহয় বুলি বুধবাৰে ঘোষণা কৰিছিল যদিও কোনোটো দল-সংগঠন বা ৰাইজ প্ৰতীয়মান নহৈ প্ৰতিবাদী কাৰ্যসূচী  অব্যাহত ৰখাত মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰিব লগীয়া হৈছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰ্যটন বিভাগৰ দায়িত্ব গ্ৰহণ কৰা মন্ত্ৰী চন্দন ব্ৰহ্মই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা সংগঠনসমূহক বিষয়টো আলোচনা কৰিবলৈ এখন বৈঠকৰ আহ্বান জনাইছে।

আনহাতে, সোণোৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰখনে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব। কাজিৰঙাৰ ঐতিহ্যৰ স্বাৰ্থ ৰক্ষা কৰিহে চৰকাৰে কাম কৰিব। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে যদিও ৰাইজ শংকিত হ’বলগীয়া নাই।

বৃহস্পতিবাৰে পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই তেওঁৰ কাৰ্যালয়ত সাংবাদিকৰ আগত কয় যে বিষয়টো আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। ভাৰতৰ আন ৰাজ্যৰ কোনো এখন ৰাষ্ট্ৰীয় উদ্যান চোৱাচিতা কৰাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিয়াৰ তালিকাত নাই। কাজিৰঙাৰ ক্ষেত্ৰত তেনে ব্যৱস্থা কৰাৰ বিৰোধিতা ৰাজ্য চৰকাৰে কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে সেয়েহে ৰাজ্য চৰকাৰে তালিকাৰ পৰা কাজিৰঙাক বাদ দিবলৈ কেন্দ্ৰীয় চৰকাৰক পত্ৰ দিব।

কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত আচলতে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে ৰাজ্য চৰকাৰক এতিয়াও আনুষ্ঠানিকভাৱে অৱগত কৰোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।