NORTHEAST NOW (Assamese)

ওদালগুৰিত পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে ৰমজান মাহ পালন আৰম্ভ

May 19, 2018 9:06 am · ছাজিদ খান
বৃহস্পতিবাৰে টংলাত প্ৰত্যক্ষ কৰা ঈদৰ কাঁচিজোন

বৃহস্পতিবাৰৰ পৰা বিশ্বৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে অসমৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে পৱিত্ৰ ৰমজান মাহ পালন কলিবলৈ লৈছে।

ইছলামিক কলেণ্ডাৰৰ আটাইতকৈ পৱিত্ৰ মাহ যাক আৰবী ভাষাত ৰামাদান বুলিও জনা যায়।ৰমজান মাহ পালনৰ বাবে ওদালগুৰিৰ কলাইগাঁও, পানেৰি, লালপুল, টংলা, গৰুৱাঝাৰ আৰু ডিমাকুছিত ব্যাপক উছাহ-উদ্দীপনা দেখা গৈছে।

ইছলাম ধৰ্মত যিহেতু চান্দ্ৰ-পঞ্জিকা অনুসৰণ কৰা হয়, ধাৰ্মিকসকলে আকাশত কাঁচিজোন প্ৰত্যক্ষ কৰা নাছিল। হিলাল কমিটীয়ে বুধবাৰে আবেলি আকাশত কাঁচিজোন প্ৰত্যক্ষ কৰাৰ বাতৰি ঘোষণা কৰাৰ পাছত সকলো ধাৰ্মিক লোক ওচৰত থকা মছজিদলৈ গৈ ৰমজান মাহৰ বিশেষ নামাজ তাৰাৱেহত অংশগ্ৰণ কৰে।

ৰমজান মাহ আৰম্ভ হোৱাৰে পৰা ইছলামধৰ্মী আবাল-বৃদ্ধ-বনিতাই পুৱাৰ পৰা সন্ধ্যালৈকে ৰোজা ৰখা দেখা পোৱা গৈছে।

বজাৰত বিশেষকৈ পাচলি, ফল-মূল আৰু মাংসৰ নিৰ্দিষ্ট স্থানসমূহত ইফতাৰৰ মাজেৰে দিনটোৰ সুদীৰ্ঘ লঘোণ ভঙাৰ দ্ৰব্য কিনাৰ বাবে লোকে ভীৰ কৰাটো পৰিলক্ষিত হৈছে।

বিশ্বাস কৰা হয় যে এই মাহতেই ইছলামৰ পৱিত্ৰ গ্ৰন্থ কুৰ-আন প্ৰকাশিত হৈছিল আৰু এই মাহত ৰোজা ৰখাটো ইছলামৰ পাঁচটা স্তম্ভৰ এটা বুলি গণ্য কৰা হয়।

৩০ দিনীয়া ৰমজানৰ অন্তত আহে ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিত্‌ৰ উৎসৱ।

Related News