‘’হিন্দুত্ববাদ যেতিয়ালৈকে থাকিব তেতিয়ালৈ অসমীয়া জাতি থাকিব। আমি নিশ্চিতভাৱে হিন্দুত্বক লৈ ৰাজনীতি কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হিন্দুত্বক লৈ গৌৰৱ অনুভৱ কৰিছিল। অসমৰ য’ত হিন্দুত্বৰ গৌৰৱ অনুভৱ হোৱা নাই তাত বিহু অনুষ্ঠিত নহয়,’’-নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকাৰ পিছত এনদৰে মন্তব্য আগবঢ়াইছে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী তথা বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই।
ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহকৰ সভাখন শুকুৰবাৰৰপৰা দুদিনীয়াকৈ নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত হৈছে। শুকুৰবাৰে বিয়লি ৩-৩০ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় বিষয়ববীয়াৰ সভা। এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ৰমেন ডেকা, কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁই উপস্থিত থাকে।
ৰঞ্জিত দাসে পতাকা উত্তোলন কৰাৰ পিছতে চাৰি বজাত আৰম্ভ হয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা। ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ ৰমেন ডেকা, বিজেপিৰ উত্তৰ পূব মণ্ডলৰ নেতা অজয় জামোৱালকে ধৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে।
তদুপৰি, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দত্ত, পল্লনলোচন দাস, তপন গগৈ, পীয়ুষ হাজৰিকা, সুম ৰংহাং, নৱ দলে, বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, আঙুৰলতা, মানসিং ৰংপি, গণেশ লিম্বুকে ধৰি ৩২গৰাকী বিধায়ক উপস্থিত থাকে।
নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা ছয় মাহত উত্তৰ-পূবত বিজেপি দলে বৃহৎ সফলতা দেখুৱাবলৈ সক্ষম হৈছে। মোডীৰ নেতৃত্বত বিজেপিৰ যি সফলতা, তাক একাংশ লোকে ভুল ব্যাখ্যা দিবৰ চেষ্টা কৰিলেও সাধাৰণ লোকৰ আস্থা অটুট আছে।
তেওঁ কয় যে অসমৰ দুখীয়া একোটা দৰিদ্ৰ পৰিয়ালে অসুখ-বিসুখত পাঁচ লাখ টকালৈকে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত চিকিৎসাৰ বাবদ পাবলৈ সক্ষম হ’ব। অটল অমৃত যোজনাৰ অধীনত দুই লাখ টকালৈ লাভ কৰিব। এইবোৰ আঁচনিয়ে অসমৰ দ্ৰুত উন্নয়ন সম্ভৱ কৰি তুলিব।
অসমত একে দিনে ১৯খন কেন্সাৰ হাস্পিতালৰ আধাৰশিলা স্থাপন কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ আগত প্ৰকাশ কৰে। ৰাজ্যৰ কৃষকসকলৰ ঋণ ২৫ শতাংশ ওভতাই দিয়াৰ ব্যৱস্থা কৰিব বুলিও ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। বিজেপি চৰকাৰখনে কেতিয়াও দুৰ্নীতিৰ সৈতে আপোচ কৰিব নোখোজে।
নেডাৰ আহ্বায়কগৰাকীয়ে অসম চুক্তিৰ ভিত্তি বৰ্ষ ১৯৫১ টনৰ পৰিৱৰ্তে ১৯৭১ চন মানি লোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কঠোৰ সমালোচনা কৰে। শুকুৰবাৰে যিসকল ৰাজপথলৈ আহিছে, তেওঁলোকে ২০১৪ চনত শ্লিপিং টেবলেট খাই শুই আছিল নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে হিন্দু বঙালীসকল আঁতৰি গ’লে অসমত অসমীয়া জাতিটো দুৰ্বল হ’ব।
আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে নলবাৰীত দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰি কয় যে আমি ভিজন ডকুমেণ্টত উল্লেখ কৰা কথাবোৰ একাংশ লোকে পাহৰি গৈছে বা পাহৰাৰ ভাও ধৰিছে। দলৰ নীতিৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ কৰা উচিত নহয়। আমি শাসন কৰিবলৈ অহা নাই, আমি অসমখন নিৰ্মাণ কৰিবলৈ আহিছো। তেওঁ কয় যে অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত দলে চোকা নজৰ দি আহিছে।