ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

 ৰাজ্যখনত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাতৰ ফলত ওদালগুৰি জিলাত আৰু এজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়। বলাই মুণ্ডা(৬৫) বুলি চিনাক্ত হোৱা নিহত লোকজন ঔৰাংগজুলী চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে ঔৰাংগজুলী চাহ বাগিচাৰ ছমচিয়া লাইনত থকা গ্ৰেজিং ফিল্ডৰ ফালে  উলাই অহা বলাই মুণ্ডাক বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয়। দুজন পুত্ৰ, এগৰাকী জীয়ৰী আৰু পত্নীক এৰি থৈ যোৱা মুণ্ডাৰ হাতীৰ আক্ৰমণত এইদৰে মৃত্যু হোৱাত বাগান অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। উল্লেখযোগ্য যে হাতী-মানুহৰ সংঘাতে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁও বিলাকত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ২০১৭-১৮ বৰ্ষটোতে এই সংঘাতৰ ফলত ৭ জন লোকে মৃত্যুৰ মুখত পৰাৰ লগতে আঠটাকৈ হাতীয়েও প্ৰাণ হেৰুৱাই। এই সম্পৰ্কত বন্যপ্ৰাণী কৰ্মী নৱজ্যোতি বৰুৱাৰ সৈতে আলোচনা কৰাত তেওঁ কয় যে ১৯৮৫ চনৰে পৰা বনাঞ্চল সমূহৰ ধ্বংসৰ লগতে এলিফেণ্ট কৰিড’ৰ সমূহত চলি অহা বে-দখলে বনৰীয়া হাতীৰ বিচৰণস্থলীৰ সংকোচন আৰু    খাদ্য সংকটৰ সৃষ্টি কৰাত যোৱা দুটা দশক ধৰি এনে সংঘাত সমূহ বাঢ়ি আহিছে। যদিও বন বিভাগে কেৱল ওদালগুৰিৰ জিলাৰ পৰাই বছৰি কোটি টকাকৈ ৰাজহ সংগ্ৰহ কৰি আহিছে তৎস্বত্তেও তেওঁলোকে বিষয়টো সমাধান কৰাত কোনো ধৰণৰ সফলতা লাভ কৰিব পৰা নাই। ইয়াৰ উপিৰ চৰকাৰ তথা বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কীয় এনজিঅ’ সমূহেও এই ক্ষেত্ৰত কোনো কাৰ্যকৰী আঁচনি গ্ৰহণ কৰিব পৰা নাই।