বৃহস্পতিবাৰে মুকুল চাংমায়ে উদ্ধোধন কৰিব ওমত্ৰু জলবিদ্যুৎ প্ৰকল্প

ওমত্ৰু জলবিদ্যুৎ প্ৰকল্প

অহা বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমায়ে ৰিভয়  জিলাৰ বৰ্নিহাটৰ দেহালত নতুনকৈ স্থাপন কৰা ৪০ মেগাৱটৰ ওমত্ৰু জল-বিদ্যুৎ প্ৰকল্পটো উদ্ধোধন কৰিব। ২০০৭ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙে আধাৰশিলা স্থাপন কৰা জল বিদ্যুৎ প্ৰকল্পটোৰ উদ্ধোধনে ৰাজ্যখনত বিদ্যুৎৰ নাতনিক কিছু পৰিমানে লাঘৱ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে পাহাৰীয়া ৰাজ্যখনত বৰ্তমান মাত্ৰ দুটাহে শক্তি প্ৰকল্প আছে। ইয়াৰে ১৮৬ মেগাৱটৰ উমিয়াম জলবিদ্যুৎ শক্তি প্ৰকল্পটোৰ নিৰ্মাণৰ কাম ১৯৬০ চনৰ ৯ জানুৱাৰিত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে উদ্ধোধন কৰিছিল আৰু ১৯৬৬ চনৰ ১ মাৰ্চত তেতিয়াৰ ৰাষ্ট্ৰপতি ড০ এছ ৰাধাকৃষ্ণনে প্ৰকল্পটোক আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে। আনহাতে ১৯৭৫-৭৬ চনত তেতিয়াৰ মেঘালয় ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডে (বৰ্তমানৰ মেঘালয় শক্তি নিগম ) আৰ্হি প্ৰস্তুত কৰা ৩x৪২ মেগাৱটৰ মিণ্টডু-লেস্কা জলবিদ্যুৎ প্ৰকল্পটো ২০০২ চনতহে মেঘালয় শক্তি নিগমৰ দ্বাৰা অনুমোদিত হয় আৰু একেটা বছৰতে তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ইয়াৰ আধাৰশিলা স্থাপন কৰে। ২০১২ চনৰ ২৯ ফেব্ৰুৱাৰিত মুকুল চাংমায়ে উক্ত প্ৰকল্পটোৰ তিনিটা কেন্দ্ৰৰ ভিতৰত প্ৰথমটো কেন্দ্ৰক উদ্ধোধন কৰিছিল।