ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পৰা তিনি চোৰাংচিকাৰীক আটক

Arrested poachers

দলগাওঁ আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ এক যুটীয়া অভিযানত আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ নলবাৰি গাৱঁৰ পৰা তিনিজন চোৰাংচিকাৰীক আটক কৰা হয়।

তেওঁলোকৰ সহযোগীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনত গোপনে প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি থকা আটকাধীন চোৰাং চিকাৰীকেইজনক ফজৰ আলী, আছমত আলী আৰু হাফিদুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে ফজৰ আলী আৰু আছমত আলী দলগাওঁ আৰক্ষী থানৰ অন্তৰ্গত ৰৌমাৰি গাৱঁৰ বাসীন্দা হোৱাৰ বিপৰীতে হাফিদুৰ ৰহমানৰ ঘৰ বিশ্বনাথ চাৰিআলিত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আনহাতে ধৃত চোৰাংচিকাৰী দলটোৰ বাকী কেইজন সদস্য পলায় যাবলৈ সক্ষম হয়। পলায়ন কৰা চোৰাং চিকাৰীকেইজনৰ লগত  অস্ত্ৰ-শস্ত্ৰ থকা বুলি সন্দেহ কৰা হৈছে।

ইতিমধ্যে তেওঁলোকক বিচাৰি আৰক্ষী আৰু বন বিভাগে এক দ্ৰুত অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।