NORTHEAST NOW (Assamese)

কংগ্ৰেছক কলংকিত কৰা মন্ত্ৰী-বিধায়কসকল এতিয়া বিজেপিলৈ গৈ ধোৱা তুলসীৰ পাত হৈছে : অপূৰ্ব ভট্টাচাৰ্য্য

July 26, 2018 12:36 pm · কল্পজ্যোতি শইকীয়া

‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত দলটোক বদনামী কৰি জনবিৰোধী কাৰ্য্যকলাপৰ নেতৃত্ব দিয়াসকল আজি বিজেপিলৈ গৈ ধোৱা তুলসীৰ পাত হৈছে।’ এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ। বুধবাৰে গুৱাহাটীৰ এ বি চিস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেলৰ জৰিয়তে এই মন্তব্য কৰিছিল।

সংবাদমেলতে মুখপাত্ৰ গৰাকীয়ে বৰ্তমান ধোৱা তুলসীৰ পাত হোৱাসকলৰ নেতৃত্বত পুনৰ চালানী মাছ, পান, কণীৰ ছিণ্ডিকেট বজাৰ আৰম্ভ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে কংগ্ৰেছ দলক কলংকিত কৰা নেতাসকল বিজেপিলৈ যোৱাত কংগ্ৰেছৰ কলংকিত দাগ আঁতৰিল বুলি দবী কৰি তেওঁ কয় যে ‘আমি অত্যন্ত সুখী।’

আনহাতে মুখপাত্ৰ গৰাকীয়ে কয় যে ফ’ৰমেলিন নামৰ বিষাক্ত দ্ৰব্য থকাৰ বাবে সেয়া মানুহৰ খোৱাৰ বাবে অনুপযোগী বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে খাদ্য সুৰক্ষা বিভাগৰ হতুৱাই ১০ দিনৰ বাবে ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিছিল।

কিন্তু “তেনে পৰিপ্ৰেক্ষিতত মঙলবাৰৰ পৰা অসমত চালানী মাছ পুনৰ প্ৰচলনত সন্মতি দিয়াত ছিণ্ডিকেটৰাজৰ ঘটনা নিহিত হৈ আছে নেকি? দহদিনীয়া বন্ধৰ পিছত মাছৰ দাম বাঢ়িল কিয়? সংবাদমেলত এই প্ৰশ্ন কৰে ভট্টাচাৰ্যই।

আনহাতে তেওঁ কয় যে ‘যি সময়ত অসমত অন্ধ্ৰপ্ৰদেশৰ মাছ বিক্ৰী কৰাত সেউজ সংকেত প্ৰদান কৰিছে। সেই সময়তে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে ১৫ দিনৰ বাবে চালানী মাছত ফ’ৰ্মেলিন থকাৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে।’

তাৎপৰ্যপূৰ্ণভাৱে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যত নতুনকৈ চলা ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস গোটাবৰ বাবেও আহ্বান জনাই মুখপাত্ৰ গৰাকীয়ে।

Related News